বিশেষ বাৰ্তা, নগাঁও, ২১ এপ্ৰিলঃ নগাঁও চহৰৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়। চহৰখনৰ ১৯৮ নং টাউন পানীগাওঁ প্ৰাথমিক বিদ্যালয়ত বিহু উৰুৱা উৎসৱ পালন কৰা হয়। বিদ্যালয়খনৰ শিশু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে বিহু নৃত্যত অংশ গ্ৰহণ কৰে। শিশু ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰা ঢোল, পেঁপা, গগনাৰ শব্দই এক সুৰীয়া পৰিবেশ সৃষ্টি কৰাৰ লগতে বিহুক অন্যন্য মাত্ৰা প্ৰদান কৰে। শিশু ছাত্ৰ-ছাত্ৰী, নাচনী, ঢুলীয়াই কপালে বিদ্যালয়খনৰ চৌপাশ। বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে চাদৰ-মেখেলা আৰু ধুতি-পাঞ্জাবী পিন্ধি বিহু উৎসৱত অংশ লোৱা দৃশ্যই সকলোকে আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। একেই সাজপাৰ পৰিধান কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক তৰুণ বৰাই জানিবলৈ দিয়া মতে নৱ প্ৰজন্মৰ এই ছাত্ৰ-ছাত্ৰীসকলক বিহু আৰু অসমীয়া সংস্কৃতিৰ লগত পৰিচয় কৰি দিয়াৰ বাবেই এই বিহু উৎসৱৰ আয়োজন কৰা হৈছে। বিদ্যালয়খনে দীৰ্ঘ দিন ধৰি অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি নৱ প্ৰজন্মক আগ্ৰহী কৰি তুলিবলৈ প্ৰয়াস কৰি অহা হৈছে। এই বিহু উৎসৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।