বিশেষ বাৰ্তা, ২১ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কৰা এটি টুইটৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ বিধায়ক জিগনেছ মেভানীক। কালি নিশা ১১.৩০ বজাত পালনপুৰৰ আৱৰ্ত ভবনৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি আজি পুৱা গুৱাহাটীলৈ লৈ অহা হৈছে। কোকৰাঝাৰৰ বিজেপি নেতা অৰূপ কুমাৰ দে’ৰ লিখিত অভিযোগৰ ভিত্তিতে কংগ্ৰেছৰ বিধায়কজনক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ১৮ এপ্ৰিলত মেভানীয়ে টুইটাৰত লিখিছিল যে নৰেন্দ্ৰ মোদীয়ে নাথুৰাম গডছেক তেওঁৰ ভগৱান হিচাপে মানিছে। অৱশ্যে এই লৈ তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পাছতে সেই টুইট নোহোৱা কৰি দিছিল বিধায়কজনে।
Next Post
You might also like