নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ৰাছিয়া–ইউক্রেইন যুদ্ধৰ মাজতে ভাৰতে পুনৰ অত্যাধুনিক ব্রাহ্মছ ছুপাৰছনিক ক্ষেপণাস্ত্রৰ সফল উৎক্ষেপণ কৰিছে৷ কালি ভাৰতীয় নৌসেনা আৰু বায়ুসেনাই এই ক্ষেপণাস্ত্রটোৰ সফল পৰীক্ষা সম্পন্ন কৰে৷ আন্দামান আৰু নিকোবৰ সংলগ্ন জলৰাশিত কালি দুটাকৈ ব্রাহ্ম’ছ ক্ষেপণাস্ত্রৰ সফল উৎক্ষেপণ কৰা হয়৷ নৌসেনাৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি ৰণতৰী আই এন এছ দিল্লীৰ পৰা এটা ব্রাহ্ম’ছ ক্ষেপণাস্ত্র উৎক্ষেপণ কৰা হয়৷ উৎক্ষেপণৰ পিছত পূর্ব নির্ধাৰিত গতিপথ ধৰি ক্ষেপণাস্ত্রটোৱে গৈ পৰিত্যক্ত এখন জাহাজত আঘাত কৰে৷ অত্যাধুনিক ক্ষেপণাস্ত্রৰ আঘাত ইমানেই শক্তিশালী আছিল যে জাহাজখনত এটা বিশাল গাঁতৰ সৃষ্টি হয়৷