নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অংগনৱাড়ী কৰ্মী আৰু আশাকৰ্মীক সম্বৰ্ধনা জনালে ঢকুৱাখনা জিলা মহিলা মৰ্চাই

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰজুৰি পালন কৰা “সামাজিক ন্যায় পষেক”ৰ অংশস্বৰূপে ঢকুৱাখনাতো বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত আশা আৰু অংগনৱাড়ী কৰ্মী-সহায়িকা সম্বৰ্ধনা আৰু পোষণ সম্পৰ্কীয় সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে।ঢকুৱাখনা জিলা মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা বৰবৰাৰ নেতৃত্বত ঢকুৱাখনাৰ মণ্ডল মহিলা মৰ্চাই ঢকুৱাখনাৰ ভিন্ন প্ৰান্তত পোষণ অভিযান উপলক্ষে অংগনৱাড়ী কৰ্মী-সহায়িকা আৰু আশাকৰ্মী সকলক গামোচাৰে সম্বৰ্ধনা জনায়।মহিলা মৰ্চাৰ বিষয়-ববীয়াসকলে কেইবাটাও অংগনৱাড়ী কেন্দ্ৰত উপস্থিত হৈ অংগনৱাড়ী কৰ্মীসকলক তেওঁলোকে সমাজৰ প্ৰতিগৰাকী শিশুক শিকন-শিক্ষনৰ দ্বাৰা ভবিষ্যতৰ এগৰাকী সুনাগৰিক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত যি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছে তাৰ প্ৰতি সন্মান জনায় মহিলা মৰ্চাৰ তৰফৰ পৰা প্ৰতিগৰাকী অংগনৱাড়ী কৰ্মী আৰু সহায়িকা ৱিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

তদুপৰি মহিলা মৰ্চাৰ দলটোৱে দিবা-নৈশ একাকাৰ কৰি  নিষ্ঠাৰে সেৱা আগবঢ়োৱা আশা কৰ্মীসকলকো ঘৰে ঘৰে গৈ কৃতজ্ঞতা জ্ঞাপন কৰি একোখনকৈ ফুলাম গামোচাৰ সম্বৰ্ধনা জনায়। অনুষ্ঠানত ঢকুৱাখনা জিলা মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা বৰবৰা,সাধাৰণ সম্পাদিকা ৰীতা সোনোৱাল,পিংকি হাজৰিকা,লাবন্য বৰা,ৰিংকু কলিতা,সামাজিক মাধ্যমৰ আহ্বায়িকা দীপ্তি মিলিকে ধৰি ঢকুৱাখনা পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত অপৰুপা দিহিঙীয়া আৰু সংগীতা বৰুৱা উপস্থিত থাকে।।

প্ৰেৰক: পুলকজ্যোতি বৰা

You might also like