লাহৰীঘাটত ফ্লপ শ্ব’ত পৰিণত স্বাস্থ্য মেলাঃ কেৱল আবণ্টিত ধনৰ ওপৰত চকু জনসম্পৰ্কৰক্ষী বিষয়াৰ
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিল : চৰকাৰে স্বাস্থ্য মেলা পাতি সৰ্বসাধাৰণক স্বাস্থ্য সম্পৰ্কে সজাগ , সচেতন কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে । চৰকাৰকাৰ জনকল্যাণকামী সেই প্ৰয়াসত হেঙাৰ হৈ পৰিছে স্বাস্থ্য বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী । অনুষ্ঠান সাফল কৰাত গুৰুত্ব দিয়াৰ সলনি অনুষ্ঠান যেনেতেনে সামৰি নিজৰ দায়িত্ব নাম মাত্ৰ পালন কৰি গৈছে । সেই কথাকে প্ৰতিপন্ন কৰিছে আজি মৰিগাঁৱৰ লাহৰীঘাটৰ কাঠনিত অনুষ্ঠিত হৈ যোবা স্বাস্থ্য মেলাখনে । লাহৰীঘাট ব্লক স্বাস্থ্য বিভাগৰ উদ্যোগত কাঠনি মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা এই মেলাখন আদৰণী তোৰণ মঞ্চ আৰু বিভিন্ন চিকিৎসা বিভাগক বিপণীৰ ৰূপ দি গঢ়ি তোলা হৈছিল এক সুন্দৰ পৰিৱেশ। জিলা স্বাস্হ্য বিভাগৰ তত্ত্বাৱধানত লাহৰীঘাট ব্লক প্ৰাথমিক স্বাস্থ্য বিভাগৰ বিষয়- কৰ্মচাৰী আৰু নাৰ্চ , আশাকৰ্মীসকলে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰিছিল অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত । কিন্তু তেওঁলোকৰ সেই কঠোৰ পৰিশ্ৰম অথলে যায় । এই স্বাস্থ্য মেকাৰ প্ৰতি স্থ্যনীয় লোকৰ সহাঁৰি আছিল উদাসীন । উপস্থিতিও আছিল আঙুলিৰ মূৰত লেখিব পৰাকৈ । এই পৰিবেশে একপ্ৰকাৰে হতাশ কৰি তুলিছিল উদ্যোক্তা সকলক । অবশ্যে কাঠনি মাধ্যমিক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে সন্মান ৰক্ষা কৰে তেওঁলোকৰ । আনহাতে মৰিগাঁও জিলা যুটীয়া স্বাস্হ্য সঞ্চালক ডা: ফণী পাঠক ৰ্নিদিষ্ট সময়তকৈ বহু পমলকৈ উপস্হিত হয় অনুষ্ঠানটোত নিজৰ বিভাগটোৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানৰ সময় সূচীৰ ক্ষেত্ৰত ঘৰৰ মুৰব্বী বিষয়া গৰাকী জনেই সচেতনতাৰ অভাব পৰিলক্ষিত হয় । যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীৰ কিছু সময় পিছতেই স্থ্যনীয় বিধায়ক ডা: আছিফ মহম্মদ নাজাৰ উপস্হিত হয় স্বাস্থ্যমেলাখনত । বিধায়ক নাজাৰে স্বাস্থ্য মেলাৰ বিপণিৰ বিভিন্ন চিকিৎসা বিভাগসমূহ পৰিদৰ্শন কৰে আৰু ৰাইজক নিজৰ স্বাস্থ্য প্ৰতি সচেতন হৈ থাকিবৰ বাবে পৰামৰ্শ দি স্বাস্থ্য বিভাগে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আয়োজন কৰা এনধৰণে আয়োজন কৰা স্বাস্থ্য মেলাৰ প্ৰদক্ষেপক আদৰণি জনাই । উল্লেখ্য যে লাহৰীঘাট বান – খহনীয়াত জৰ্জৰিত কাঠনিত আয়োজন কৰা স্বাস্থ্য মেলাখন এক প্ৰকাৰে এক ফ্লপ শ্ব’ত পৰিণত হোৱা দেখা গ’ল । এই ক্ষেত্ৰত মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীক বিশেষভাবে সমালোচিত হৈছে । চন্দ্ৰা সিং নামৰ জনসম্পৰ্ৰক্ষী বিষয়াগৰাকীয়ে অনুষ্ঠানটোৰ প্ৰচাৰ ক্ষেত্ৰত ল’ব লগীয়া নিম্নতম্ ব্যৱস্থ্যখিনি নোলোৱাৰ বাবে ভবা ধৰণে ৰাইজৰ সহাঁৰি লাভ কৰাত ব্যৰ্থ হয় স্বাস্হ্য বিভাগ । অভিযোগ মতে এখন স্বাস্থ্য মেলাৰ আবণ্টিত ধনৰ ৫০ শতাংশ খৰচ কৰি ৫০ শতাংশ কাটি ৰাখে বিষয়া গৰাকীয়ে । যাৰ মেলা জড়িত আন বিষয়া কৰ্মীসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে চন্দ্ৰা সিঙৰ বিৰুদ্ধে । জানিব পৰা মতে এখন বেনাৰৰ ওপৰতে লেবেল লগাই বিভিন্ন স্থানৰ স্বাস্থ্য মেলাত ব্যবহাৰ কৰি এই গৰাকী চন্দ্ৰা সিঙে সংঘটিত কৰিছে বিত্তীয় অনিয়ম । শেহতীয়াভাৱে এইগৰাকী বিষয়াই বেনাৰ-প’ষ্টাৰৰ নামত সংঘটিত কৰা ৰ্দুনীতি বিষয়ে আজি যুটীয়া সঞ্চালকগৰাকীৰ সন্মুখতে একাংশই লাহৰীঘাটৰ বিধায়ক আছিফ নাজাৰক অবগত কৰে । সেই সময়ত লাহৰীঘাট মহকুমা স্বাস্থ্য বিষয়া ডা: ধীৰেন চন্দ্ৰ দাসৰ উপৰি মৰিগাঁও যক্ষ্মা ৰোগ বিভাগ চিকিৎসকগৰাকীকে ধৰি বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তি উপস্থিত আছিল । উল্লেখ্য যে চন্দ্ৰা সিঙে এখন স্বাস্থ্য মেলাৰ বেনাৰ প’ষ্টাৰৰ নামত ২০ হাজাৰ টকাকৈ কাটি ৰাখে বুলি অভিযোগ উঠিছে ।
প্ৰেৰক আবুল কালাম