নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত ব’হাগী উৎসৱঃ কাইলৈৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব আচুৰ্য বৰপাত্ৰই

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিল: মাজুলীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা উজনি মাজুলীৰ নতুন বজাৰ বিহুতলীত অনুষ্ঠিত হৈছে ব’হাগী উৎসৱ । ব’হাগী উৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি আজি পুৱা ৬ বজাত সামূহিক চাফাইৰ অন্তত পতাকা উত্তোলন কৰে নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ সভাপতি পংকজ খনিকৰে। ইয়াৰ পিছতে পুৱা ৮ বজাত গছপুলি ৰোপন আৰু ৯ বজাত স্মৃতি তৰ্পণ কৰে নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক ৰূপজ্যোতি বৰাই। পুৱা ১০ বজাৰ পৰা ছাত্ৰ–ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন আৰু ভেশছন প্ৰতিযোগিতা । মাজুলীৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ–ছাত্ৰীয়ে অংশগ্ৰহণ কৰা চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম স্থান মলয়া খনিকৰ, দ্বিতীয় স্থান কপিল কৃষাণ বৰা, তৃতীয় স্থান জনবীৰ দলে আৰু নিচুকনি হিচাপে বিশ্বজিৎ শইকীয়া নিৰ্বাচিত হয়। । অন্যহাতে ভেশছন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চান্দিনী আগৰৱালা, দ্বিতীয় স্থান সুমন্ত খনিকৰ আৰু তৃতীয় স্থান লাভ কৰে শোভাংকৰ হাজৰিকাই। অন্যহাতে আবেলি ৪ বজাৰ পৰা সৰু বিহুৱতী আৰু সন্ধ্যা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা বৰ বিহুৱতী প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে । ব’হাগী উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি ২৩ এপ্ৰিলৰ পুৱা ৭ বজাত সামূহিক চাফাইৰ অন্তত ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব বিভিন্ন জাতি- জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন। অন্যহাতে দিনৰ ১২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব । ইয়াৰ পিছতে সন্ধ্যা ৭ বজাৰ পৰা অনুষ্ঠিতৱ হ’ব লগা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ গীতে জীপাল কৰিব নতুন বজাৰ বিহু বাকৰি ।
প্ৰেৰক ৰূপজ্যোতি বৰা

You might also like