কেতিয়া কণী পাৰিব কোহলিৰ ‘সোণৰ হাঁহ’–এ
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ শূন্য ৰানত কোনো বেটছমেন আউট হ’লে ক্রিকেটীয় পৰিভাষাত কোৱা হয় ডাক (হাঁহ)৷ আকৌ প্রথম বলতে শূন্য ৰানত আউট হ’লে কোৱা হয় গ’ল্ডেন ডাক (সোণৰ হাঁহ)৷ কোহলিৰ ক্ষেত্রতো একেৰাহে দুখন মেচত তেনে ঘটনাই ঘটিছে৷ এইবাৰৰ আই পি এলত এই পর্যন্ত ৮খন মেচ খেলি কোহলিয়ে সংগ্রহ কৰিছে মাত্র ১১৯ ৰান৷ তেওঁৰ বেটৰ পৰা আহিছে সর্বোচ্চ ৪৮ ৰান৷ বেটিং গড় মাত্র ১৭৷ অবিশ্বাস্য হ’লেও এইটোৱে প্রতিযোগিতাখনত কোহলিৰ বেটিং পৰিসংখ্যা৷ ইয়াৰ ভিতৰত দুখন মেচত প্রথম বলতে কোনো ৰান নকৰাকৈ আউট হৈছে তেওঁ৷ স্বাভাৱিকতে কোহলিৰ সোণৰ হাঁহে কেতিয়া কণী পাৰিব, তাক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে ক্রিকেটপ্রেমীসকলৰ মাজত৷
উল্লেখ্য যে কেৱল আই পি এলতে পাঁচবাৰ গ’ল্ডেন ডাক কৰিলে কোহলিয়ে৷ কালি ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধেও প্রথম বলতে আউট হৈছিল তেওঁ৷ মেচখনত তেওঁক ওভতাই পঠিয়ায় মার্কো জানচেনে৷ ইয়াৰ পূর্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধেও প্রথম বলতে তেওঁ বিদায় লৈছিল৷ ২০০৮ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে প্রথম বলতে আউট হৈছিল বিৰাট৷ অনুৰূপ ঘটনা ঘটে ২০১৪ চনত কিংছ একাদশ পঞ্জাব আৰু ২০১৭ চনত কলকাতাৰ বিৰুদ্ধে৷ এইবাৰ পঞ্জাব কিংছৰ বিৰুদ্ধে অপৰাজিত ৪১ ৰানেৰে আই পি এলত অভিযান আৰম্ভ কৰিছিল বিৰাটে৷ কিন্তু ইয়াৰ পিছতে কলকাতাৰ বিৰুদ্ধে ১২, ৰাজস্থানৰ বিৰুদ্ধে ৫ ৰান কৰি আউট হয় তেওঁ৷ মুম্বাইৰ বিৰুদ্ধে ছন্দ বিচাৰি পোৱা বিৰাটৰ বেটিঙৰ পৰা আহে ৪৮ ৰান৷