অসমৰ বাবে এক ঐতিহাসিক পদক্ষেপঃ মোদীসহ জনসভাত অংশগ্ৰহণ কৰিব ৰতন টাটা, আৰ চন্দ্ৰশেকৰণ, নৱেল টাটাই
বিশেষ বাৰ্তা, ২৭এপ্ৰিলঃ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰে পৰা উত্তৰ-পূবৰ লগতে অসমৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশত গুৰুত্ব দিছে আৰু সমগ্ৰ উত্তৰ-পূব ৰাইজৰ মন জয় কৰিবলৈও সক্ষম হৈছে।ৰাইজৰ এনে মৰম আৰু আৰ্শীবাদত নিৰবিচ্ছিন্নভাবে এই অঞ্চলত ৫২বাৰকৈ ভ্ৰমণ কৰিছে বুলি কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু আয়ুসৰ মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত সাংবাদিকৰ আগত সদৰী কৰে।ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এনে বলিষ্ঠ পদক্ষেপৰ বাবে সোণোৱালে আন্তৰিক ধন্যবাদ আৰু শলাগ জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে নিজ কৰ্মৰ জৰিয়তে অসমবাসীক আন্তৰিকতা প্ৰদৰ্শন কৰা বুলিও কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে অভিহিত কৰে।ইফালে প্ৰধানমন্ত্ৰীক আদৰিবলৈ প্ৰস্তুতি প্ৰায় ১০০ শতাংশ সপূৰ্ণ হৈছে।ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই আজি উপায়ুক্ত কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰে।প্ৰায় দুই লাখৰ অধিক লোকৰ সমাগম হোৱাৰ কথা ব্যক্ত কৰি কয় যে প্ৰধানমন্ত্ৰী সভাৰ বিপৰীতে বিশেষ গুৰুত্বপূৰ্ণ কাম নাথাকিলে আন জিলাৰ পৰা কোনো লোককে ডিব্ৰুগড়লৈ নাহিবলৈ আহ্বান জনায়।সংবাদ মেলত উল্লেখ কৰে যে ডিব্ৰুগড়তে বহু বাহন আছে আৰু অতিৰিক্তভাৱে বহিঃ জিলাৰ পৰা যানবাহন আহিলে ভীষণ যানযত হোৱাৰ সম্ভাৱনা প্ৰবল।সেয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই বিশেষ ব্যৱস্থাপনা গ্ৰহন কৰা বুলি আৰক্ষী অধীক্ষক মিশ্ৰাই জানিব দিয়ে।সংবাদমেলত উল্লেখ কৰি কয় যে আজিৰ পৰা বৃহস্পতি বাৰে(২৮ এপ্ৰিল) সন্ধিয়া পাঁচ বজা পৰ্যন্ত ডিব্ৰুগড় চহৰ আৰু প্ৰধানমন্ত্ৰী অনুষ্ঠান হব লগা বৃহত্তৰ খনিকৰ অঞ্চলত সকলো ধৰণৰ গধুৰ যান-বাহন চলাচলত বন্ধ ঘোষণা কৰা হৈছে।অসম আৰক্ষীৰ জি পি সিং নিজে বাহৰ পাতি নিৰাপত্তাৰ সকলো দিশ তদাৰক কৰাৰ লগতে ব্যৱস্থাপনা পৰ্যবেক্ষণ কৰিছে।আনহাতে যানবাহন ব্যৱস্থা নিয়ন্ত্ৰণৰ বাবে আজিপি আনুৰাগ আগৰৱালে প্ৰতিটো দিশ পৰ্যবেক্ষন কৰিছে।সেয়ে যানযতৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ জৰুৰী কাম নহলে ডিব্ৰুগড় চহৰত প্ৰৱেশ নকৰিবলৈ আহ্বান জনায়।প্ৰধানমন্ত্ৰী অনুষ্ঠানলৈ ডিব্ৰুগড় নগৰৰ পৰা মানকটা পথৰ পৰা গলে মানকটা খেলপথাৰত বাহন ৰাখি খোজেৰে যাব লাগিব আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অহা সকল বাণীপুৰৰ পৰা সোমাই গাড়ী ৰাখি খোজেৰে আহিব লাগিব।আনহাতেদি লাহোৱাল আৰু ডুলিয়াজান পৰা অহা সকলে বকুল, বকপৰা খেলপথাৰত গাড়ী ৰাখিব লাগিব। মৰাণৰ আৰু বগীবিল ফালৰ পৰা অহা সকলে ডাইনীজানৰ জিকাবাৰী খেলপথাৰত গাড়ী ৰাখি খোজেৰে আহিব লাগিব।আনহাতে বগীবিল পৰা জামিৰা সংযোগী পথটোৱে আহিব পাৰে যদিও যোৱাৰ ব্যৱস্থা নাথাকিব।পথটো ওৱান ৱে হব।গুৱাহাটীৰ পৰা ১৫৫০ বাছৰ লগতে অন্যান্য জিলাৰ পৰা সৰু বৰ প্ৰায় ৩০০০ হাজাৰ গাড়ী অধিগ্ৰহণ কৰা হৈছে। তদুপৰি ৬ খন বিশেষ ৰেল বিভিন্ন প্ৰান্তৰ পৰা আহিব।ইতিমধ্যে সমাগম প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ সকলো চৰকাৰী, বেচৰকাৰী অনুষ্ঠান,প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, বন্ধ ঘোষণা কৰা লগতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত ই আন এক নিৰ্দেশনা যোগে চাহ বাগিচাসমুহ বন্ধ ঘোষণা কৰিছে।
প্ৰেৰক বিভাস দুৱৰা