জালাহৰ বাট-পথ যাতায়াতৰ বাবে সুচল কৰাৰ দাবী বেচৰকাৰী সংস্থা “সৃষ্টি”ৰ
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ বাক্সা জিলাৰ জালাহৰ বেচৰকাৰী সংস্থা “সৃষ্টি”ৰ সম্পাদক কুমাৰ অনুপমে এক প্ৰেছ বিবৃতিযোগে জনাইছে যে জিলাখনৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত জালাহঘাট হ’ল সমগ্ৰ জালাহ অঞ্চলৰ প্ৰাণকেন্দ্ৰ আৰু এক বাণিজ্যিক স্থলী। কিন্তু জালাহঘাটত নলাৰ ব্যৱস্থাপনা (drainage system) সঠিক নোহোৱা বাবে ৰাইজৰ লগতে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী তথা বিভিন্ন অঞ্চলৰ পৰা অহা জনতাই দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিব লগা হৈছে । এনেদৰে আক্ষেপ প্ৰকাশ কৰি “সৃষ্টি”ৰ সম্পাদকগৰাকীয়ে উল্লেখ কৰে যে বাৰিষাৰ আৰম্ভণিতেই এজাক বৰষুণতে বিভিন্ন ঠাইত পানী জমা হোৱা দেখা যায় আৰু ৰাস্তাৰ গাঁতত পৰি বহু লোক দুৰ্ঘটনাত পতিত হৈ আহিছে । বিবৃতিটোত উল্লেখ কৰা হৈছে যে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে পানীৰ পাইপ মেৰামতিৰ বাবে খন্দা গাঁতবোৰ ভালকৈ পুতি নিদিয়াত এইবোৰত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে এই গাঁতবোৰ ভালকৈ পুতি নিদিয়াৰ বাবেই বাৰে বাৰে পানীৰ পাইপ ফাটে বুলি একাংশ লোকে মত প্ৰকাশ কৰিছে । পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনলৈ অহা চৰকাৰে এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি অন্যতম বেচৰকাৰী সংস্থা “সৃষ্টি”য়ে দাবী জনায়। সদাব্যস্ত জালাহঘাটত পকী নলাৰ সুব্যৱস্থা কৰি বাট-পথসমূহ যাতায়াতৰ বাবে সুচল কৰি তুলিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত “সৃষ্টি”ৰ সম্পাদক অনুপম কুমাৰে আহ্বান জনায়।
প্ৰেৰক দিগন্ত দাস