নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুশতলিত চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গুৰুত্বপূৰ্ণ পথ মেৰামতি কৰিলে স্থানীয় ৰাইজে

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল :  চৰকাৰৰ অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা লাহৰীঘাট সমষ্টিৰ কুশতলি পঞ্চায়তৰ অন্তৰ্গত শান্তিপুৰত আজি স্থানীয় ৰাইজে মেৰামতি কৰিলে এটি গুৰুত্বপূৰ্ণ পথ।উল্লেখযোগ্য যে লাউভূৰুঙ্গা মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা শান্তিপুৰ হৈ গৰাপাৰৰ জেজিকেপি পথ সংযোগী প্ৰায় চাৰে তিনি কিল’মিটাৰ দৈৰ্ঘ্যৰ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ ক্ষেত্ৰত আজিও কোনো এখন চৰকাৰে গুৰুত্ব নিদিলে।যাৰ বাবে গোটেই পথচোৱা বাৰিষা-খৰালি সকলো বতৰতে যাতায়তৰ অনুপযোগী হৈ আছে। বাৰিষা বতৰত খোজ কাঢ়ি যাতায়ত কৰাৰো বিপদ হৈ পৰিছে।এনে অৱস্থাত পথটো পুনৰ নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক গৰাকীৰ লগতে স্থানীয় কুশতলি গাঁও পঞ্চায়ত আৰু তিৱা স্বায়ত্ত পৰিষদৰ ২ নং বৰঙনি সমষ্টিৰ জন প্ৰতিনিধি জনকো অৱগত কৰি আহিছিল যদিও আজিও পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।একেদৰে এই পথটোক লৈ জিলাখনৰ তদানীন্তন উপায়ুক্ত দ্বয় ঋতুৰাজ বৰা,লীনা দাসক পথটো দুৰৱস্থাৰ সন্দৰ্ভত লিখিতভাৱে অৱগত কৰাৰ উপৰিও মৰিগাঁও লোক নিৰ্মাণ বিভাগৰ সৈতে বহু বাৰে যোগাযোগ কৰিও অঞ্চলবাসী ৰাইজে কোনো সুফল নাপালে।যাৰ ফলত চৰকাৰী পক্ষলৈ অপেক্ষা কৰোতেই সমগ্ৰ পথচোৱাত একাঠু পৰ্যন্ত বোকা পানীৰ মাজেৰে স্কুল কলেজৰ ছাত্র ছাত্ৰীৰ লগতে শান্তিপুৰ, গৰাপাৰ,লাউভূৰুঙ্গাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দৈনিক চলাচল কৰিব লগা হৈছে।সেয়েহে আজি শান্তিপুৰ গাঁৱৰ ৰাইজে নিজাববীয়াকৈ পথচোৱা নিৰ্মাণৰ বাবে হাতে হাতে কোৰ লৈ ওলাই আহে।অৱশ্যে এই ক্ষেত্ৰত মৰিগাঁও জিলা পশু পালন ও পশু চিকিৎসা বিভাগৰ জিলা চিকিৎসা বিষয়া ডা: নিলোৎপল কাকতিৰ সহায়ত গৰাপাৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ পৰা ঘৰৰ ভগা ইটা লৈ গৈ বিধ্বস্ত পথচোৱাত পেলাই গাঁওবাসীয়ে পথটো মেৰামতি কৰে। উল্লেখযোগ্য যে লাহৰীঘাট সমষ্টিৰ এই গুৰুত্বপূৰ্ণ পথটো ৯০ দশকৰ পূৰ্বে এন আৰ পি পথ ৰূপে নিৰ্মাণ কৰা হৈছিল।পিছত পুনৰ নিৰ্মাণৰ দূৰৰে কথা আজিলৈকে পথটো মেৰামতি নহ’ল।ইখনৰ পিছত সিখন চৰকাৰ আহিছে আৰু গৈছে অথচ কোনো খন চৰকাৰেই কিন্তু পথটো উন্নীতকৰণত গুৰুত্ব দিয়া নাই।আশ্চৰ্যকৰ বিষয় যে পঞ্চায়তৰ আঁচনি আৰু তিৱা স্বায়ত্ত পৰিষদৰ আঁচনি সমূহেও ঢুকি পোৱা নাই।তিৱা স্বায়ত্ত পৰিষদৰ ২ নং বৰঙনি সমষ্টিৰ অন্তৰ্গত এই গুৰুত্বপূৰ্ণ পথটোৰে নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা যোৱা কৰা প্ৰাৰ্থী সকলে ক্ষমতা পোৱাৰ পিছত কেৱল নামঘৰ ,হৰি মন্দিৰ,পুখুৰী নিৰ্মাণৰ ৰাজনীতি কৰিয়েই উন্নয়নৰ কোটি কোটি টকা শৰাধ কৰি গৈছে।সেয়েহে আজি নিজা শ্ৰমেৰে পথটো মেৰামতি কৰা শান্তিপুৰ গাঁৱৰ ৰাইজে পৰিৱৰ্তন কামী চৰকাৰৰ লগতে স্থানীয় বিধায়ক ডা: আছিফ মহম্মদ নাজাৰ , স্থানীয় গাঁও পঞ্চায়তৰ সভাপতি আৰু তিৱা স্বায়ত্ত পৰিষদৰ বৰঙনি সমষ্টিৰ জন প্ৰতিনিধি গৰাকীক এই গুৰুত্বপূৰ্ণ বিধ্বস্ত পথটো পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।

প্ৰেৰক আবুল কালাম

You might also like