নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীজানত হেৰʼইনসহ বাহন জব্দ, সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১ মে’: আজি পুৱাৰ ভাগত অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ এখন বাহন জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি পুৱা লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱপ্ৰতীম কোঁৱৰৰ নেতৃত্বত তথা উপ-পৰিদৰ্শক প্ৰফুল্ল পেগুৰ সহযোগত আৰক্ষীৰ এটা দলে তালাচী অভিযান চলায়। উক্ত অভিযানৰ সময়তে মণিপুৰৰ পৰা আহি থকা এখন ১১০৯ মডেলৰ এএছ-০১-জেচি-২৫১১ নম্বৰৰ ট্ৰাকত তালাচী চলাই বাহনখনৰ টোলবক্সত লুকুৱাই অনা অৱস্থাত ৯ টা চাবোনৰ বাকচত মুঠ ১০৮.৯৭ গ্ৰাম হেৰʼইন আৰু নগদ ১৩,৫০০ টকা জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালক তথা মণিপুৰৰ থৌবাল জিলাৰ য়াইৰিপক থানাৰ অন্তৰ্গত থকচম মামাং লেইকাই নিবাসী থাউদাম নংচম্বা মেইটেই (২৯) নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় আঠ লাখ টকা বুলি অনুমান কৰা হৈছে। প্ৰাথমিক জেৰাত সৰবৰাহকাৰীটোৱে জব্দ হোৱা হেৰʼইনখিনি গুৱাহাটীৰ কোনো স্থানত যোগান ধৰাৰ বাবে নিয়া হৈছিল বুলি স্বীকাৰোক্তি প্ৰদান কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

You might also like