সমাজ সংস্কাৰক পদ্মশ্ৰী ড:বীৰুবালা ৰাভাক দুই কবি সাহিত্যিকৰ ব্যতিক্ৰমী সম্বৰ্দ্ধনা
নিয়মীয়া বাৰ্তা, ১ মে; কু-সংস্কাৰক, অন্ধবিশ্বাসৰ বেহুফালি সমাজলৈ আধুনিক সভ্যতাৰ পোহৰ বিলোৱা মহীৰূহ নাৰী পদ্মশ্ৰী ড: বীৰুবালা ৰাভাক অসমৰ দুই প্ৰতিস্হিত কবি সাহিত্যিক তথা মহাজীৱন খ্যাত কবি জগবন্ধু কলিতা আৰু কাব্যদূত বিভূষিত বিশিষ্ট কবি ৰাধেশ্যাম নাথে এক ব্যতিক্ৰমী কাৰ্য্যসূচী লৈ বিশেষ ভাবে সম্বৰ্দ্ধনা জনায়। মহীৰূহ গৰাকীক বাসগৃহলৈ আমন্ত্ৰন কৰি প্ৰবেশ পদূলীতে ফুলাম গামোচাৰে আদৰনি জনোৱাৰ পিছত মহাজীৱনৰ কবি জগবন্ধু কলিতাৰ তিনি জনীয়া পৰিয়ালটোয়ে সমাজ সেৱী গৰাকীৰ চৰন স্পৰ্শ কৰি আৰ্শীবাদ গ্ৰহন কৰে। কবি গৰাকীৰ প্ৰকাশিত এখন হাত পুঠিৰ সৈতে ফুলাম গামোচাৰে বিশেষ ভাবে ড: বীৰু বালা ৰাভাক সম্বৰ্দ্ধনা জনোৱাৰ পিছত চাহ জলপানেৰে বাৰ্তালাপ আৰাম্ভ হয় ।
অসমীয়া সমাজ খনত বিভিন্ন জাতি-জনজাতিৰ সাম্প্ৰতিক পৰিস্হিতি, শিল্প, সাহিত্য-সংস্কৃতিৰ সম্পৰ্কে কিছু কথা বাৰ্তালাপ হয়। মহাজীৱন কবিৰ গৃহত সমাজ সেৱী গৰাকীৰে হোৱা আলোচনাত ভাগ লয় কাব্যদূত ৰাধেশ্যাম নাথ,সমাজ সেৱক ধনঞ্জয় নাথ, বীৰুবালা মিচনৰ কৰ্ন্মী কশল্যা ৰাভা ,আৰু সাংবাদিক লক্ষ্মণ কুমাৰ নাথে । বীৰুবালাৰ অৱৰ্ত্তমানত ডাইনীৰ বিৰুদ্ধে চলি থকা যূঁঁজ খনৰ অৱকাশ ঘটিব নেকি? , কেতিয়াৰ পৰা কি পৰিস্থিতিত ডাইনীৰ বিৰুদ্ধে সংগ্ৰামত নামি পৰিব লগা হৈছিল। এই সংগ্ৰাম চলাই নিয়তে তেওঁ আক্ৰমণৰ বলি হবলগা হৈছিল নে ? ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহন কৰি তেওঁৰ কেনে লাগিছে। ৰাষ্ট্ৰপতিয়ে তেওঁক কি কলে , পদ্মশ্ৰী বঁটা গ্ৰহন কৰিব গৈ ক্ৰিকেট তাৰকা সচীন তেন্দুলকাৰ আৰু বিশিষ্ট অভিনেতা আমীৰ খানক লোগ পাই কি কথা পাতিলে – ইত্যাদি কথাবোৰ কবিদ্বয়ক সমাজ সেৱী মহীৰূহ গৰাকীয়ে বৰ্ণনা কৰে। একেইদৰে মহাজীৱন নো কি জানিব বিচাৰে মহীৰূহ গৰাকীয়ে ।আজিৰ অসমীয়া সমাজৰ খনৰ একাংশ অভিভাৱকে অসমীয়া সংস্কৃতিৰ তথা ভাৰতীয় সংস্কৃতিক বিপদাপন্ন কৰি তুলি হলেও, আধুনিকতাৰ দোহাই দি পশ্চিমীয়া ৰীতি-নীতিক আদৰ্শ মানি নিজৰ সন্তানৰ জন্ম দিনত কেক কাটি, কেণ্ডেল নুমাই আত্মীয় স্বজন, বন্ধুবৰ্গক ভোজ ভাত খুৱাই আনন্দ কৰে । কবি জগবন্ধু কলিতা ইয়াৰ ব্যতিক্ৰম , তেওঁৰ একমাত্ৰ পুত্ৰ সন্তান পলাশৰ জন্মদিন ১ মে তাৰিখৰ দিনটোক “মহাজীৱন”নামেৰে নামাকৰণ কৰি , নিৰ্দ্দিষ্ট স্হানত গাঠিৰ ধন খৰচ কৰি এক সাহিত্য অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানলৈ অন্যান্য সকলৰ লগতে কবি সাহিত্যিক, শিল্পী সমাজৰ দুই-চাৰি গৰাকী প্ৰতিজশাক বিশেষ ভাবে আমন্ত্ৰন কৰি তেওঁলোকৰ কাব্যিক, সাহিত্যিক, শিল্পী প্ৰতিভা পাৰদৰ্শিতা ,জীৱনাদৰ্শৰ ওপৰত এখনি হাত পুথিৰ প্ৰস্তুতৰে এই অনুষ্ঠানতে বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয়। কবিৰ স্বৰচিত মহাজীৱনৰ ধ্যেয় গীত – ” এই গান জীৱনৰ গান , মহাজীৱনৰ গান , মহামিলনৰ ঐক্যতান – – – – -“। শীৰ্ষক গীতটোৰে মহাজীৱন সাহিত্য অনুষ্ঠানৰ কাৰ্য্যসূচীৰ শুভাৰাম্ভ কৰা হয়। মহানুভৱতাৰ কবি জগবন্ধুয়ে নিজে আৰ কাপোৰৰ আৰত থাকি অন্যান্য কবি সাহিত্যিক শিল্পীক উৎসাহ উদ্দিপনাৰে পাঠক সমাজৰ মাজত পৰিচয় কৰাই উজ্বলাই তোলাৰ কবিৰ মহান পদক্ষেপক পদ্মশ্ৰী বীৰুবালা ৰাভাই ভূওঁসী প্ৰসংশা কৰে । দুপৰীয়া ভোজনৰ পিছত সমাজ সেৱী বীৰুবালাক তেওঁৰ ঘৰত নি থবলৈ গৈ বাকী খিনি আধৰুৱা কাৰ্য্যসূচী সমাজ সেৱীৰ ঘৰতে অনুষ্ঠিত কৰাৰ মানসেৰে অসম চৰকাৰৰ পৰা শেষতীয়া ভাবে “ভাষা গৌৰৱ” পূৰস্কাৰ প্ৰাপ্ত বিশিষ্ট কবিদ্বয়ে মহাজীৱনৰ পৰা মহীৰূহলৈ যাত্ৰা আৰাম্ভ কৰে ।
সমাজ সেৱী বীৰুবালা ৰাভাৰ বাস ভৱনত উপস্থিত হৈ মহীৰূহ গৰাকীক জনোৱা সম্বৰ্দ্ধনাৰ দ্বিতীয় কাৰ্য্যসূচীৰ আত ধৰি আৰাম্ভ কৰে কাব্যদূত ৰাধেশ্যাম নাথে। নিজৰ জীৱন বিপদাপন্ন কৰি হলেও সমাজ খনৰ পৰা কু-সংস্কাৰ অন্ধবিশ্বাস আতৰাই সুস্হ বাতাৱৰন অনাৰ ক্ষেত্ৰত সমাজ সেৱী ড: বীৰুবালা ৰাভাৰ ডাইনী হত্যাৰ বিৰুদ্ধে সংগ্ৰাম কৰি চলাই যোৱা জীৱন যুঁঁজৰ ” বীৰাংগনা ” বুলি অভিহিত কৰে। তেখেতৰ ডাইনী সংগ্ৰামৰ পতভূমিত জীৱন পৰিক্ৰমাক অনুভৱ কৰি লিখা “”বীৰাংগনা ” কবিতাটো পদ্মশ্ৰী বীৰুবালা ৰাভাৰ হাতত অৰ্পন কৰাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনাই চৰন চুই আৰ্শীবাদ লয় কাব্যদূত ৰাধেশ্যাম নাথে । ইয়াৰ পিছত কোঠালিৰ আলমীৰাত সজাই ৰখা ৰাষ্ট্ৰপতিয়ে অলপতে প্ৰদান কৰা পদ্মশ্ৰী বঁটাৰ লগতে বিভিন্ন সময়ত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিস্হানে প্ৰদান কৰা শতাধিক সম্বৰ্দ্ধনা পৰিদৰ্শনৰে কাৰ্য্যসূচীৰ সামৰণি মাৰি মহীৰূহ গৰাকীৰ পৰা বিদায় লয় কবিদ্বয়ে ।
প্ৰেৰক লক্ষ্মণ কুমাৰ নাথ, আগিয়া ।