তীৰ্থভূমিলৈ পৰিণত ইটাখোলাৰ মনাই অঞ্চল, বিশ্বশান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে হৰি কৃষ্ণৰ ধ্বনি
নিয়মীয়া বাৰ্তা, ইটাখোলা, ২ মেঃ বিশ্বশান্তি প্ৰতিষ্ঠাৰ লগতে সমগ্ৰ বিশ্বৰ পৰা ক’ভিড মহামাৰীৰ দৰে ব্যাধি দূৰ হোৱাৰ আশা আগত ৰাখি ইটাখোলাৰ মনাই চাহ বাগিছাত শণিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অখণ্ড হৰি কীৰ্তন অনুষ্ঠান। মনাই মহিলা সমিতিৰ উদ্যোগত আৰু মনাইবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা অখণ্ড হৰি কীৰ্তন অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা অহা শতাধিক হৰি কীৰ্তন সংঘই হৰি কীৰ্তনৰে পৰিৱেশ মুখৰিত কৰি তোলে। হৰি কীৰ্তন স্থলীৰ চৌহদত ভক্তসকলে চাকি-বন্তি জ্বলাই আধ্যাত্মিকতাৰ পৰিবেশৰ সৃষ্টি কৰে। উল্লেখ্য যে, ইটাখোলাৰ মনাই চাহ জনগোষ্ঠীৰ সম্প্ৰদায়ৰ ৰাইজৰ একক বৃহৎ সামাজিক, সাংস্কৃতিক-অনুষ্ঠান অখণ্ড হৰি কীৰ্তন সংঘই বিশ্ব শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে প্ৰতি বছৰে অখণ্ড হৰি-কীৰ্তন অনুষ্ঠানৰ আয়োজন কৰি আহিছে।