নিয়মীয়া বাৰ্তা, বৰপেটাৰোড, ২ মেঃ কল্যান আশ্ৰম, অসম আৰু সংস্থাটোৰ বৰপেটাৰোড নগৰ সমিতিৰ উদ্যোগত বৰপেটাৰোডৰ দুৰ্গাবাৰী মন্দিৰ প্ৰাংগণত কালি ৩৪ দৰা-কইনাই একেলগে মেলিলে দাম্পত্য জীৱনৰ পাতনি। ধৰ্মীয় মাংগলিক সামূহিক বিবাহ অনুষ্ঠানটোত ১৭ যোৰা দৰা-কইনাই সামূহিকভাৱে সনাতনী হিন্দু ধৰ্মীয় ৰীতি নীতিৰে বিবাহ পাশত আৱদ্ধ হয়। উল্লেখ্য যে বৰপেটাৰোড আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল বিশেষকৈ আদিবাসী জনজাতিৰ দুখীয়া লোকক সামৰি তেওঁলোকে ২০০৯ চনৰে পৰা সামূহিকভাৱে বিবাহ অনুষ্ঠান পাতি প্ৰায় পাঁচ শতাধিক যুৱক-যুৱতীক বৈবাহিক জীৱনত আৱদ্ধ কৰিবলৈ সক্ষম হৈছে। কল্যান আশ্ৰমৰ উদ্যোক্তাই জনায় যে আদিবাসী জনজাতিৰ বহু লোকে আৰ্থিক দূৰৱস্থাৰ বাবে সামাজিকভাৱে বিয়া কৰাব নোৱাৰে আৰু তাৰ সুযোগ গ্ৰহণ কৰি অন্য ধৰ্মাৱলম্বীৰ লোকে তেওঁলোকক কিছু টকা আৰু বস্তু সামগ্ৰী দিয়াৰ প্ৰলোভনেৰে আন ধৰ্মলৈ ধৰ্মান্তৰিত কৰিব বিচাৰে। সেয়ে ২০০৯ চনৰে পৰা সংস্থাটোৱে প্ৰতিবছৰে দুখীয়া শ্ৰেণীৰ লোকৰ মাজত এনেদৰে সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰি আহিছে। কাৰ্যসূচীত কল্যাণ আশ্ৰমৰ নগৰ সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে শ্ৰীধৰ শৰ্মা সুভাষ সাহাই সহযোগকাৰী আৰু উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।