নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১ মেঃ নগৰবেৰাৰ জলমগ্ন ৰাজপথৰ পানীত নামি চিত্ৰাংকনত ব্যস্ত অৰূপ বৈশ্য নামৰ এগৰাকী আদহীয়া শিল্পী। কামৰূপৰ বকো বিধানসভা আৰু লোকনিৰ্মাণ বিভাগৰ বকো উপসংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰাৰ ৰাজহ চক্ৰৰ
যোগীপাৰা গাঁৱত বিধ্বস্ত ৰাজপথত বছৰ বছৰ ধৰি যাতায়তৰ নামত যাতনা ভোগ কৰি আহিছে যান-বাহন চালক কিম্বা পথচাৰীয়ে। নগৰবেৰাৰ পৰা মন্দিৰা, যোগীপাৰা হৈ চুকুনীয়াপাৰা লৈ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানি পথচোৱা অতিকে বিধ্বস্ত, যাতায়তৰ সম্পূৰ্ণ অনুপযোগী। নিতৌ সদাব্যস্ত পথটিত বিপজ্জনকভাবে ৰাইজে কোনোমতেহে আহযাহ কৰি আছে। ৰাইজৰ যাতায়তৰ বিপৰ্যয় দেখি স্থানীয় অৰূপ বৈশ্য নামৰ শিল্পী গৰাকীয়ে হাতত ৰং-তুলিকা লৈ বিধ্বস্ত ৰাজপথটিৰ ছবি অংকণ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস কৰে। বিধ্বস্ত, জলমগ্ন পথৰ ছবি আঁকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ লগতে সংশ্লিষ্ট বিভাগলৈ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী জৰাজীৰ্ণ পথচোৱা শীঘ্ৰে পকীকৰণৰ দাবী জনালে শিল্পী গৰাকীয়ে। পিছে এগৰাকী শিল্পীৰ এনে আজৱ প্ৰতিবাদ আৰু আবেদনে কিদৰে প্ৰভাৱিত কৰে ৰজাঘৰীয়াক,সেয়াহে হ’ব লক্ষণীয় !