নিয়মীয়া বাৰ্তা, দৌলাশাল, ২ মেঃ ৰাজ্যত নিতৌ সংঘটিত হৈছে ধন হৰলুকীৰ ঘটনা৷ এইবাৰ নলবাৰীৰ মুকালমুৱাত বেংক একাউন্টৰ পৰা ধন হৰলুকী কৰি আৰক্ষীৰ জালত পৰিছে জোঁৱাই৷ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত কান্ধবাৰী গাঁৱৰ লিয়াকত আলীৰ একাউণ্টৰ পৰা কৌশলেৰে দুই লাখ তিনি হেজাৰ টকা লুটিলে জোঁৱাই ইছমাইল হুছেইনে। শহুৰ লিয়াকত আলীৰ মোৱাইল নম্বৰত একে গাঁৱৰে জোঁৱাই ইছমাইল হুছেইনে গোপনে গুগুল পে’ খুলি ২,০৩,০০০ টকা লুটি আৰক্ষীৰ জালত পৰে৷ অসম চৰকাৰৰ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী লিয়াকত আলীয়ে কন্যাৰ চিকিৎসাৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ মুকালমুৱা শাখাৰ পৰা লোণ লৈ একাউণ্টত জমা ৰাখিছিল ধনৰাশি। অতি চতুৰ জোঁৱাই ইছমাইল হুছেইনে শহুৰ লিয়াকত আলীৰ মোবাইলৰ পৰা গুগুল পে’ যোগে নিজৰ একাউন্টত জমা কৰিছিল ধনৰাশি৷ চৰকাৰী কৰ্মচাৰী লিয়াকত আলীৰ একাউন্টৰ পৰা টকা হৰলুকী হোৱা বুলি জানিব পাৰি মুকালমুৱা আৰক্ষী থানাত লিয়াকত আলীয়ে ধন হৰলুকিৰ অভিযোগত দাখিল কৰিছিল এজাহাৰ ৷ মুকালমুৱা আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি জোঁৱাই ইছমাইল হুছেইনক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাত জড়িত আন দুই যুৱক চানবৰ আলী আৰু নুৰুল হকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰি নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে তিনিওকে জেল হাজোতলৈ যে প্ৰেৰণ কৰে ৷