নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্ৰত লাড়ু আগবঢ়ালে মনোবাঞ্চা পুৰণ হয়, ভক্ত-দৰ্শনাৰ্থীৰ মাজত বিতৰণ পাচ লক্ষাধিক লাড়ু

নিয়মীয়া বাৰ্তা, হাজো, ২ মেঃ  তীৰ্থনগৰী হাজোৰ ৰামদিয়া পোৰাভিঠা সত্ৰত এইবেলিও মহাপুৰুষ দেৱদামোদৰ মহাপ্ৰভুৰ ৪২৪ সংখ্যক তিৰোভাৱ তিথি পালন কৰে। তদুপলক্ষে কালি পুৱাৰে পৰাই লোকে লোকাৰণ্য হৈ পৰে পোৰাভিঠা সত্ৰ প্ৰাংগণ। বৃহত্তৰ ৰামদিয়া অঞ্চলত ভালে সংখ্যক সত্ৰ পৰিলক্ষিত হয় যদিও ৰামদিয়াৰ চৌধুৰীপাৰাত অৱস্থিত ঐতিহাসিক পোৰাভিঠাৰ দামোদৰীয় সত্ৰখনে যুগ-যুগ ধৰি এক বিশেষ তাৎপৰ্য বহন কৰি আহিছে। কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়াৰ এই সত্ৰখনত নিতৌ ত্ৰি-প্ৰসংগৰে চলি থাকে নাম-প্ৰসংগ, জ্বলি থাকে অক্ষয় বন্তি। প্ৰতি বছৰেই মহাপুৰুষ জনাৰ তিৰোভাৱ তিথিত ভক্ত-দৰ্শনাৰ্থীৰ মাজত বিতৰণ কৰা হয় লাড়ু। আজিও সেই পৰম্পৰা ৰক্ষা কৰি বিগত পোন্ধৰ-বিশ দিন ধৰি প্ৰস্তুত কৰা পাঁচ লক্ষাধিক লাড়ু উপস্থিত থকা প্ৰায় পাঁচ সহস্ৰাধিক ভক্ত-দৰ্শনাৰ্থীৰ মাজত বিতৰণ কৰা হয়। উল্লেখ্য যে, ৰামদিয়াৰ পোৰাভিঠা সত্ৰত লাড়ু আগবঢ়ালে মনোবাঞ্চা পুৰণ হয় বুলি সকলোৱে বিশ্বাস কৰে। তেনে পৰিপ্ৰেক্ষিতত হয়তো অসমৰ ভিন্ন প্ৰান্তৰ লোকে লাড়ুৰ বাবে সামগ্ৰী সমূহ আগবঢ়াই আহিছে। এনেদৰে আগবঢ়োৱা গুৰ মিঠাই আৰু প্ৰায় ৮.৫০ কুইণ্টল চাউলেৰে ৰাইজে একত্ৰিত হৈ পাঁচ লক্ষাধিক লাড়ু তৈয়াৰ কৰি উলিয়ায়। এই লাড়ু তৈয়াৰত ৰামদিয়াৰ লগতে বামুন্দী, হাৰদিয়া, শিলগুৰী, টোক্ৰাদিয়া, শুৱালকুছি আদি অঞ্চলৰ লোকসকলেও সহায় কৰে বুলি জানিবলৈ দিয়ে সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক ভবিন চন্দ্ৰ ভৰালীয়ে।
You might also like