নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ খামত কি পঠিয়ালে… ছাত্ৰীলৈ শিক্ষকৰ প্ৰেমপত্ৰ 

বিশেষ বাৰ্তা, শুৱালকুছি, ২ মেঃ কামৰূপ জিলাৰ শিঙিমাৰীৰ ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান ৰাম সৰাস্বতী বিদ্যালয়ৰ এগৰাকী শিক্ষকে বিদ্যালয়খনৰ ছাত্ৰী এজনীলৈ প্ৰেম-পত্ৰ প্ৰেৰণ কৰা ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বিদ্যালয়খনত শিক্ষকতা কৰা চামচুল আলমে দদৰা ইছলামপুৰৰ ভাড়াঘৰত থাকি বিদ্যালয়ৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীক টিউচন কৰি আহিছে। সেইসূত্ৰে বিদ্যালয়খনত নৱম শ্ৰেণীত অধ্যয়ণ কৰা আঞ্জাঠুৰিৰ এগৰাকী ছাত্ৰী আৰু তেওঁৰ ভায়েকে শিক্ষকগৰাকীৰ ওচৰত টিউচন কৰে৷ পৰহি ছাত্ৰীগৰাকী টিউচনত নহাৰ বাবে তেওঁৰ ভাতৃৰ হাতত ছাত্ৰীগৰাকীলৈ বুলি শিক্ষক চামচুল আলমে বন্ধ খামৰ ভিতৰত এখন পত্ৰ দি বায়েকক দিবলৈ কয়৷ পিছত পৰিয়ালৰ লোকে খামটো খুলি দেখে যে সেইখন প্ৰেমপত্ৰ৷ লগে লগে বিষয়টো লৈ এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় আৰু উত্তেজিত একাংশ লোকে শিক্ষকগৰাকীক মাৰধৰ কৰে৷ ঘটনাৰ খবৰ পাই দদৰা আৰক্ষীয়ে শিক্ষকগৰাকীৰ ঘৰত উপস্থিত হৈ তেওঁক আৰক্ষী চকীলৈ আনে৷ পিছত শিক্ষকগৰাকীক সোধপোচ কৰি ঘৰলৈ যাব দিয়া হয়৷ এই ঘটনাই শিক্ষক-শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক লাঘৱ কৰিব বুলি বিভিন্নজনে মতামত ব্যক্ত কৰিছে৷ দদৰা আৰক্ষীয়ে জানিবলৈ দিয়া মতে বৰ্তমানলৈ এই সন্দৰ্ভত কোনোপক্ষই এজেহাৰ দাখিল কৰা নাই৷ আৰক্ষীয়ে জনোৱা মতে শিক্ষকগৰাকীৰ ঘৰ বৰপেটাত৷
You might also like