ৰাছিয়াৰ পৰা অধিক হাৰত তেল ক্রয় আমেৰিকাৰ
নিয়মীয়া বাৰ্তা, ২ মে: ইউক্রেইনৰ ওপৰত ৰাছিয়াই সেনা অভিযান চলোৱাৰ পাছত আমেৰিকাই ৰাছিয়াৰ সৈতে বিভিন্ন ক্ষেত্রত অসহযোগিতা কৰাৰ কথা ঘোষণা কৰিছিল৷ আনকি ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি বিভিন্ন দেশক মস্কো প্রশাসনৰ সৈতে থকা বাণিজ্যিক সম্পর্ক ছেদ কৰিবলৈও নির্দেশ দিছিল হোৱাইট হাউছে৷ কিন্তু যুদ্ধৰ প্রায় আঢ়ৈ মাহ পাছতো দেখিবলৈ পোৱা গৈছে যে ভাৰতে ৰাছিয়াৰ পৰা যি পৰিমাণত তেল আমদানি কৰিছে তাতকৈ বহু বেছি তেল আমদানি কৰিছে ইউৰোপৰ দেশসমূহে৷
আনকি আমেৰিকায়ো ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ ক্ষেত্রত তালিকাত ভাৰততকৈ বহু ওপৰত স্থান লাভ কৰিছে৷ চেণ্টাৰ ফৰ ৰিচার্জ অন এনার্জি এণ্ড ক্লীন এয়াৰ বা ‘ক্রেয়া’ৰ তৰফৰ পৰা প্রকাশিত এক প্রতিবেদনত দেখিবলৈ পোৱা গৈছে যে যুদ্ধ আৰম্ভ হোৱাৰ পাছত ৰাছিয়াৰ তেল ৰপ্তানি বৃদ্ধি পাইছে৷ ভাৰতে অৱশ্যে আৰম্ভণিৰে পৰা যুদ্ধৰ বিৰোধিতা কৰি আহিছে যদিও ৰাছিয়াৰ তেল আমদানিৰ পক্ষতেই নিজৰ স্থিতি সদৰী কৰি আহিছে৷
আমেৰিকাৰ চাপ সত্ত্বেও নিজৰ অৱস্থান পৰিৱর্তন কৰা নাই ভাৰতে৷ তাৎপর্যপূর্ণভাৱে ইউক্রেইন যুদ্ধক কেন্দ্র কৰি ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা জাৰি কৰা ইউৰোপ আৰু আমেৰিকাই ৰাছিয়াৰ পৰা খাৰুৱা তেল পূর্বৰ দৰে ক্রয় কৰি আহিছে৷ ইয়াৰ ফলত আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি পাইছে৷ এতিয়া প্রশ্ণ হৈছে ৰাছিয়াৰ তেল ক্রয় কৰা বাবেই ভাৰতক বিভিন্ন ধৰণে ভাবুকি প্রদান কৰি আহিছে আমেৰিকাই, কিন্তু হোৱাইট হাউছ প্রশাসনে নিজেই ৰাছিয়াৰ তেল আমদানি কৰি আহিছে কি স্বার্থত৷