নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি কে আৰ কে হাইস্কুলত প্ৰাচীৰ পত্ৰিকা উন্মোচনত শৈলেন শৰ্মা

প্ৰাচীৰ পত্ৰিকা বিদ্যালয়ৰ দাপোন আৰু ছাত্ৰ ছাত্ৰীৰ সাহিত্যৰ প্ৰথম খোজ

নিয়মীয়া বাৰ্তা, ২ মে:  চৰকাৰী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান “শুৱালকুছি কালিৰাম কাৰিকৰ হাইস্কুল” ত আজি এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় ৷ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰি বিদ্যালয়খনৰ এচ এম ডি চি’ৰ সভাপতি তথা অৱসৰি শিক্ষক শৈলেন শৰ্মাই প্ৰাচীৰ পত্ৰিকা বিদ্যালয় এখনৰ দাপোনৰ দৰে ৷ বিদ্যালয়ত প্ৰৱেশ কৰিয়েই যি কোনো ব্যক্তি য়ে বিদ্যালয়ৰ সন্মুখত প্ৰাচীৰ পত্ৰিকা ওলমি থকা দেখিলেই বিদ্যালয়খন যে সাহিত্যৰ দিশত আগবঢ়া তাক পৰিস্ফুট হৈ পৰে ৷ বিদ্যালয়ৰ এনে কাৰ্যই সকলোকে আকৰ্ষিত কৰে আৰু বিদ্যালয়খনৰ প্ৰতি এটা যুগাত্মাক ভাৱৰ স্‌স্টি হয় ৷ লগতে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা ছাত্ৰ ছাত্ৰী সকলৰ বাবে সাহিত্যৰ দিশত প্ৰথম খোজ হিচাৱে চিহ্নিত হয় ৷ কিয়নো তেওঁলোকে জীৱনত সৰ্ব প্ৰথম নিজে লিখি উলিওৱা কবিতা, চুটি গল্প, বিভিন্ন ব্যঙ্গাত্মক ৰচনা , জানানে, সাথৰ, চিত্ৰ আদি প্ৰচীৰ পত্ৰিকাৰ জৰিয়তে প্ৰকাশ কৰি এক বিৰল আনন্দ লাভ কৰে ৷

পৰৱৰ্তী সময়ত এই ছাত্ৰ ছাত্ৰী সকলেই সমাজত একো একো গৰাকী প্ৰথিতযশা সাহিত্যিক হৈ পৰাৰ সম্ভাৱনা থাকে ৷ তেওঁ পুনৰ কয় যে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা ছাত্ৰ ছাত্ৰী সকলৰ সাহিত্য চৰ্চাৰ আৰম্ভণিৰ এক অন্যতম মাধ্যম ৷ প্ৰতিখন বিদ্যালয়ে ছাত্ৰ ছাত্ৰী সকলক এই সুবিধা প্ৰদান কৰাটো অত্যন্তই প্ৰয়োজন ৷ বিদ্যালয়খনৰ সহকাৰী শিক্ষক প্ৰীতম নাথে আতঁধৰা প্ৰাচীৰ পত্ৰিকা উন্মোচনী অনুস্হানত বিদ্যালয়ৰ প্ৰধান শিক্ষক(ভাঃপ্ৰঃ) দিবাকৰ কলিতাৰ লগতে অন্যান্য শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু একাংশ অভিভাৱক উপস্থিত থাকে ৷ উন্মোচক গৰাকীক বিদ্যালয়ৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে বিদ্যালয় প্ৰধানে সম্বৰ্ধনা জনায় ৷

You might also like