নৈশ ক্লাৱত পাৰ্টী কৰিছে ৰাহুল গান্ধীয়ে, অনিমন্ত্ৰিত অতিথি হৈ পাকিস্তানলৈ গৈ ওলোৱা নাই
বিশেষ বাৰ্তা, ৩ মেঃ কংগ্ৰেছৰ ভিতৰচ’ৰাত দল উদ্ধাৰৰ চিন্তা-চৰ্চা চলি থকাৰ মাজতে ভাইৰেল হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা ভিডিঅ’। নৈশ ক্লাৱত পাৰ্টী কৰি থকা বুলি ভিডিঅ’টো এজন বিজেপি নেতাই ভাইৰেল কৰিছে। ইয়াৰ পিছতে ৰাহুল গান্ধীক বিজেপিয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিজেপিৰ বহুকেইজন নেতাই ৰাহুলক কটাক্ষ কৰিছে। এই অভিযোগ পোনেই অস্বীকাৰ কৰিছে কংগ্ৰেছে। এইখন ফটো নেপালত তোলা বুলি কৈছে কংগ্ৰেছে। নেপালৰ বান্ধৱী এজনীৰ বিয়াত গৈছে ৰাহুল। কংগ্ৰেছে কৈছে যে- বন্ধু ৰাষ্ট্ৰলৈ নিমন্ত্ৰণ দিয়া বিয়া খাবলৈ যোৱাটো একো দোষণীয় কাম নহয়। অন্ততঃ মোদীৰ দৰে বৈৰী দেশ পাকিস্তানলৈ অনিমন্ত্ৰিত অতিথি হৈ গৈ ওলোৱা নাই। উল্লেখণীয় যে ২০১৫ চনত নৱাজ শ্বৰীফৰ জীয়ৰীৰ বিয়াত হঠাত গৈ ওলাইছিল নৰেন্দ্ৰ মোদী।