নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ ৰীমাই মন্দিৰৰ পুখুৰীত এৰিলে দুষ্প্রাপ্য কাছ

যুৱতীৰ দায়িত্বশীলতাৰ সর্বত্র প্রশংসা

নিয়মীয়া বার্তা, ২৫ জানুৱাৰীঃ দুষ্প্রাপ্য কাছ মন্দিৰৰ পুখুৰীত এৰি দি প্রকৃতিপ্রেমৰ উজ্জ্বল নিদর্শন দাঙি ধৰিছে নলবাৰী জিলাৰ গোৱৰাদল গাঁওৰ এগৰাকী যুৱতীয়ে ৷ জানিব পৰা মতে, গোৱৰাদল গাঁৱৰ লংকা চুবুৰিৰ ৰীমা বর্মন নামৰ যুৱতীগৰাকীয়ে বৃহস্পতিবাৰে তেওঁলোকৰ নিজৰ ঘৰৰ পুখুৰীত পৰিয়ালৰ মানুহৰ সৈতে মাছ ধৰি থকা সময়ত উদ্ধাৰ কৰিছিল পৃথিৱীৰ বুকুৰ পৰা প্রায় নিঃশেষ হ’বলৈ ধৰা দুষ্প্রাপ্য কাছৰ এটা পোৱালি ৷ পিছত যুৱতীগৰাকীয়ে কাছৰ পোৱালিটো এটা সুন্দৰ পাত্রত ৰাখি আবেলি গোৱৰাদলৰ ওচৰৰ ষাঠিকুছিত অৱস্থিত শ্রীশ্রী জয়হৰি পিতাৰ থানলৈ নি থানৰ দেউৰী যতীন মেধি আৰু ফেলন বর্মন, উদীয়মান যুৱক ভার্গৱজ্যোতি হালৈ, জয়দেৱ ৰাজবংশীৰ লগতে থানখনলৈ অহা বহুকেইগৰাকী ভক্তৰ উপস্থিতিত থানখনৰ চৌহদত থকা পুখুৰীত কাছৰ পোৱালিটো এৰি দিয়ে ৷ যুৱতীগৰাকীৰ এনে কার্যক মন্দিৰত উপস্থিত থকা লোকসকলৰ লগতে অঞ্চলবাসীয়ে ভূয়সী প্রশংসা কৰিছে ৷

You might also like