ৰঙিয়াত অক্সফৰ্ড একাডেমিৰ দায়িত্বজ্ঞানহীন কাণ্ডঃ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ বাবে নাপালে এডমিট
নিয়মীয়া বাৰ্তা, ৬ মে’: ৰঙিয়াৰ অক্সফ’ৰ্ড একাডেমি নামৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলে আজি কৰ্তৃপক্ষৰ হেমাহি আৰু দায়িত্বহীনতাৰ বাবে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । আজিৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ এডমিট নোপোৱাত উক্ত শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ পৰা বঞ্চিত হব লগা হয়। শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনকলৈ হেতালি খেলা এনে কাণ্ডজ্ঞানহীন কাৰ্যকলৈ শিক্ষানুষ্ঠানখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । একাংশ ক্ষুব্ধ ছাত্ৰ আৰু অভিভাৱকে শিক্ষানুষ্ঠানখনৰ কাৰ্যালয় সহায়ক বিজয় দাসক আটক কৰি ৰঙিয়া থানাত গতাই দিয়ে । ঘটনা সন্দৰ্ভত একাংশ ছাত্র-ছাত্ৰীয়ে বিজয় দাসৰ লগতে একাডেমিৰ আন দুগৰাকী বিষয়ববীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
একাডেমিৰ কৰ্তৃপক্ষৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে এই সকল ছাত্র-ছাত্ৰীয়ে নিৰ্দিষ্ট মাচুল আদায় দিয়াৰ পিছতো এডমিট পোৱা নাই বুলি অভিযোগ কৰে । যাৰ বাবে এইসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বাৰ্ষিকৰ পৰীক্ষাৰ পৰা বঞ্চিত হব লগা হৈছে । অক্সফ’ৰ্ড একাডেমিৰ কৰ্তৃপক্ষই ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা পঞ্জীয়ন আৰু এডমিটৰ নামত ২,৫০০ টকাকৈ মাচুল লোৱাৰ পিছতো পৰীক্ষাৰ পূৰ্বে এজনৰো এডমিট আহি নোপোৱাত পৰিবেশ উত্তাল হৈ পৰে । শিক্ষানুষ্ঠানখনৰ গাফিলতিৰ বাবে এটা শৈক্ষিক বৰ্ষ লোকচান হব বুলি বিদ্যাৰ্থী সকলৰ লগতে অভিভাৱক সকলো আশংকাত ভুগিব লগা হৈছে । এইলৈ চিন্তিত ভুক্তভোগী শিক্ষাৰ্থী সকলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক উপযুক্ত ব্যৱস্থা কৰি তেওঁলোকক পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় ।