পছৰীয়াত চৰকাৰী ভূমিত অনা-অসমীয়া বণিয়াৰ বেদখলঃ মেকুৰী পাহাৰত অবৈধ খননঃ নিৰ্বিকাৰ বন বিভাগ
বিশেষ বাৰ্তা, ৬ মে: কামৰূপৰ পছৰীয়ত চৰকাৰী ভূমি অনা অসমীয়া বণিয়াই বেদখল কৰাৰ এক গুৰুতৰ অভিযোগ উঠিছে ৷ উল্লেখ্য যে, হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পছৰীয়াৰ দলৰ পথাৰত ২৭ বিঘা ৪ কঠা চৰকাৰী ভূমি অনা অসমীয়া বণিকে কৌশলগত ভাবে দখল কৰা খবৰ পোহৰলৈ অহাত ক্ষোভত ফাটি পৰিছে খিলঞ্জীয়া গঞাই। অভিযোগ অনুসৰি জনৈক আগৰৱালা উপাধিৰ এজন বহিৰা বণিকক পছৰীয়া দলৰ পথাৰত ১৯৩ নং দাগৰ ২৭বিঘা ৪ কঠা মাটি আৱন্টন দিয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ইয়াৰ লগত অসম চৰকাৰৰ প্ৰভাবশালী মন্ত্ৰী এজনৰ সহায়ক জনৰ জৰিয়তে এই কাৰ্য সম্পাদিত হৈছে। অদ্যাপি মাটিখিনি আগৰৱালাৰ নামত চৰকাৰী ভাবে আৱন্টিত হোৱা নাই যদিও চৰকাৰী বৰমুৰীয়াৰ মৌখিক চুক্তিত সকলো কাম হৈ আছে।ইয়াৰ গইনা লৈ বণিক জনে দলনিৰ সমীপতে লাগি থকা ঐতিহাসিক প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ মেকুৰী পাহাৰৰ পৰা একাধিক এস্কেভেটৰৰে পাহাৰৰ মাটি কাটি দলনিত মাটি ভৰ্ত্তি কৰি আছে । প্ৰাকৃতিক দৃশ্যৰে ভৰপুৰ মনোমোহা মেকুৰী পাহাৰৰ অবৈধ খননৰ ভিডিঅ ফুটেজ স্হানীয় ৰাইজে চিলা বনানঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আৰু হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালত জমা দি অবৈধ খনন ৰোধ কৰি প্ৰাকৃতিক সৌন্দৰ্য ৰক্ষা কৰিবলৈ দাবী জনাইছিল যদিও ই অৰণ্য ৰোদনৰ বাহিৰে একো নহল।এনেদৰে চৰকাৰী মদতপুষ্ঠ হৈ বহিৰা বণিকে অসমৰ সম্পদ সমুহ এটাৰ পিছত আনটো কুক্ষিগত কৰাত খিলঞ্জীয়া সকল ক্ৰমাগত ভাবে ভাবুকিৰ সন্মুখীন হব লগা হৈছে।আনহাতে অসমৰ জাতীয় জীৱন , জাতীয় সংস্কৃতি,মাটি ভেটি সুৰক্ষাৰ কাৰণে অসমীয়া ৰাইজে ৰাজগাদী ত উপবিষ্ট কৰাৰ পিছত এনেদৰে বহিৰা বণিয়াক ৰঙা দলিচা পাৰি দিয়া চৰকাৰী নেতা পালিনেতাই সাধাৰণ ৰাইজৰ প্ৰতি পিঠি দিয়া কাৰ্য অতি দূৰ্ভাগ্যজনক হিচাবে বিবেচিত হৈছে ।সময় থাকোতে ইয়াৰ প্ৰতিকাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে থলুৱা ৰাইজে।অন্যথা সময়ত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি হুংকাৰ দিয়ে স্হানীয় বাসিন্দাসকলে ৷
প্ৰেৰক দিলীপ মেধি