গাধ সদায়েই গাধ হৈয়ে থাকে, নিজকে কিয় গাধ সজালে ইমৰান খানে
বিশেষ বাৰ্তা, ৭ মেঃ গাধ সদায়ে গাধ হৈয়ে থাকে। গাধৰ গাত কোনোবাই আঁচ টানি দিলেই সি জেব্ৰা হ’ব নোৱাৰে। নিজকে গাধৰ সৈতে ৰিজাই ছচিয়েল মিডিয়াত হাঁহিৰ খোৰাক দিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে। তেওঁক লৈ এতিয়া বিভিন্ন মিম তৈয়াৰ হৈছে। এক সাক্ষাতকাৰ অনুষ্ঠানত তেওঁ কোৱা কথাখিনিৰ ক্লিপ শ্বেয়াৰ কৰিছে পাক সাংবাদিক হাছান জাইদিয়ে। কিয় ব্ৰিটেইনৰ নাগৰিক হ’ব নোৱাৰিলে বুলি কথাৰ প্ৰসংগত ইমৰাণ খানে কয় যে তেওঁ গাধ আছিল বাবেই ব্ৰিটিছ হ’ব নোৱাৰিলে। ব্ৰিটেইনৰ পৰা সন্মান পোৱাৰ পাছতো পাকিস্তানকে নিজৰ ঘৰ বুলি ভাবি আহিছিল। ব্ৰিটেইনত নিজৰ ঘৰ হিচাপে কেতিয়াও ভাবিব পৰা নাছিল হেনো তেওঁ।