নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নমাঝা সত্ৰ’ত নৱ নিৰ্মিত নামঘৰত গুৰু আসন প্ৰতিষ্ঠা

নিয়মীয়া বাৰ্তা, ৮ মে: দৰঙৰ  বনমাঝা সত্ৰৰ নৱ নিৰ্মিত নামঘৰত  গুৰু আসন প্ৰতিষ্ঠা আৰু নতুন নামঘৰৰ দ্বাৰ উদঘাটন  কৰা হয়।৭ মে’ত ৰাজ্য চৰকাৰৰ অসম দৰ্শন আচঁনিৰ দহ লাখ আৰু বোনমাঝা গাঁৱ পঞ্চায়ত ৰ তিনি লাখ টকা ৰে নতুনকৈ নিৰ্মাণ কৰা হয় ১১৯ বছৰীয়া সত্ৰখন। সমাজকৰ্মী ৰমাকান্ত বৰুৱা ই নামঘৰৰ দ্বাৰ উদঘাটন কৰা ৰ পিছতে ই এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰে সত্ৰ চৌহদ। ভক্ত দৰ্শনাৰ্থীৰ ভিৰে পূণ্য তীৰ্থত পৰিণত কৰে বনমাঝা সত্ৰ  । গুৰু আসন প্ৰতিষ্ঠা আৰু নামঘৰ উদ্ধোধন উপলক্ষে অনুষ্ঠিত হয় এক ধৰ্মালোচনী সভাত।অৱসৰী চৰকাৰী কৰ্মচাৰী প্ৰমোদ চহৰীয়াই সভাপতিত্ব  কৰা সভাখন উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক হৰেণ চহৰীয়াই।সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক দেবেন চহৰীয়াই আঁত ধৰা সভাখনত ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ধৰ্ম  -সংস্কৃতি বিষয়ে আলোকপ্ৰাত কৰাৰ ৰ লগতে গতিশীল পৰিশীলিত এখন সমাজ গঢ়াত সত্ৰ নামঘৰৰ ভূমিকা অপৰিসীম বুলি উল্লেখ কৰে। নতুন প্ৰজন্মক আমাৰ সংস্কৃতি আৰু ঐতিহ্য ৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা ৰ আহ্বান জনায়। পশ্চিম দৰঙৰ জ্যেষ্ঠ সাংবাদিক লক্ষ্যধৰ শইকীয়াই অনুষ্ঠানত অংশগ্ৰহণ কৰি সত্ৰ নামঘৰ অসমৰ সমাজ জীৱনৰ হৃদপিণ্ড বুলি উল্লেখ কৰি ধৰ্ম সংস্কৃতি চৰ্চাৰ অনুশীলন ৰ অন্যতম  তীৰ্থ সত্ৰ নামঘৰে অসমৰ সমাজ জীৱনক সদায় বাট দেখুৱাই আহিছে বুলি কয়।বোনমাঝা গাঁও পঞ্চায়ত ৰ সভাপতি উদ্ধৱ ডেকা, দেৱকান্ত বৰুৱা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে চমু ভাষণ আগবঢ়ায়। উল্লেখ্য যে অঞ্চলটোৰ  পৌৰাণিক এই সত্ৰখনে ধৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত বিশিষ্ট ভুমিকা গ্ৰহণ কৰি আহিছে। নৱনিৰ্মিত সত্ৰৰ নামঘৰে শোভাৰ্বধন কৰিছে বনমাঝা সত্ৰৰ ।
You might also like