পিতৃ হ’ল হেটমায়াৰ
নিয়মীয়াবাৰ্তা,৯ মে’: ৰাজস্থান ৰয়েলছৰ বেটছমেন ছিমৰন হেটমায়াৰ দেশলৈ উভতি গৈছে৷ আই পি এলৰ জৈৱ দুর্গ এৰি ওলাই গৈছে তেওঁ৷ আজি ৰাজস্থানৰ তৰফৰ পৰা জনোৱা হৈছে যে পিতৃ হৈছে ছিমৰন৷ সেয়ে দল এৰি গায়ানা অভিমুখে ৰাওনা হৈছে খেলুৱৈগৰাকী৷ অৱশ্যে প্রথম সন্তানক প্রত্যক্ষ কৰাৰ পিছতে নিজ দললৈ উভতি আহিব ছিমৰন৷
উল্লেখ্য যে চলিত আই পি এলত ১১খন মেচ খেলি ২৯১ ৰান কৰিছে এইগৰাকী কেৰিবিয়ান বেটছমেনে৷ অন্তিমখন মেচত পঞ্জাব কিংছক পৰাস্ত কৰে ৰাজস্থানে৷ মেচখনত ছিমৰনে ১৬টা বলত ৩১ ৰান সংগ্রহ কৰিছিল৷