নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত হাতত বেট লৈ বিধায়ক প্ৰমোদ বৰঠাকুৰ; খেলিলে ক্ৰিকেট

নিয়মীয়াবাৰ্তা,৯ মে’: ৰাজনীতিৰ প্ৰতিটো খবৰ ৰাজনৈতিক নেতাৰ সৈতে জড়িত হৈ থাকে।কেতিয়াবা যদি উন্নয়ন মূলক কাম কাজক লৈ আকৌ কেতিয়াবা বিতৰ্ক আৰু বোকা চতিওৱা ৰাজনীতিক লৈ  ব্যস্ত হয় ৰাজনীতিক। কিন্তু ইয়াৰ মাজত বিনোদন আৰু ক্ৰীড়াৰ প্ৰতি থকা আগ্ৰহো দেখিবলৈ পোৱা যায় বিধায়ক-নেতাৰ মাজত। সমান্তৰালকৈ তেনে এক দৃশ্য কালি দৃশ্যমান হ’ল বিশ্বনাথত । বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে হাতত বেট লৈ এগৰাকী খেলুৱৈৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গ’ল । দৰাচলতে বিগত বছৰবোৰৰ দৰে এইবাৰো নৱম বার্ষিক প্রয়াত ডাঃ কোষেশ্বৰ বৰা, মৃণালী শৰ্মা, বৰণী শ‍ইকীয়া আৰু যোগেন চন্দ্ৰ শৰ্ম্মা সোঁৱৰণী সদৌ অসম টি-২০ ক্রিকেট প্রতিযোগিতা খনি আজিৰে পৰা আৰম্ভ হৈছে।এম আৰ এফ স্পর্টছ ক্লাবে আয়োজন কৰি অহা এই ক্ৰিকেট প্ৰতিযোগিতাখনি মুকলি কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে।এই প্ৰতিযোগিতাখনি অহা ২২ মেলৈ অনুষ্ঠিত হ’ব বুলি আয়োজক মণ্ডলীয়ে জানিবলৈ দিছে ।
উল্লেখ্য আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ৰাতুল শ‌ইকীয়াই। হাতত ক্ৰিকেট বেট লৈ খেলৰ শুভ উদ্বোধনী খেলত বিশ্বনাথৰ বিধায়কে অংশ গ্ৰহণ কৰাত খেলুৱৈসকল উৎসাহিত হৈ পৰে। এই অনুষ্ঠানত  উপস্থিত থাকে দিগন্ত ঘাটোৱাৰ, ডাঃ কল্লোল ভূঞা , অকণ শ‌ইকীয়া, কন্দৰ্প হাজৰিকা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰূপম , দেৱজিৎ বৰা, ৰিংকু হক সহ সংবাদ কৰ্মী আৰু বহু কেইজন বিশিষ্ট অতিথি । উল্লেখ্য যে আজিৰ পৰা ২২ মে’ পৰ্যন্ত অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ১৩ টাকৈ দলে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে ।
You might also like