2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ ৮৪বছৰ বয়সত মৃত্যু

নিয়মীয়া বাৰ্তা, ১০ মেঃ সংগীত জগত বাবে বেয়া খবৰ। আজি পদ্ম বিভূষণ ভাৰতীয় সংগীতজ্ঞ আৰু সন্তুৰ বাদক পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ ৮৪ বছৰ বয়সত মুম্বাইত মৃত্যু হয়। শিৱকুমাৰ যোৱা ছয় মাহ ধৰি বৃক্ক সম্পৰ্কীয় সমস্যাত ভুগি আছিল আৰু ডায়েলাইচিছত আছিল। হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

ইফালে সংগীতজ্ঞ আৰু সন্তুৰ বাদক পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

You might also like