নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুক্ষেত্ৰীৰ পাকাবেতবাৰীত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী পালন

নিয়মীয়া বাৰ্তা,  ১০ মেঃ বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী বীণাপাণি ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত কালি সন্ধিয়া বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬১সংখ্যক জন্মজয়ন্তী উপলক্ষে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। পাকাবেতবাৰী গাঁওৰ সমাজসেৱক তথা প্ৰাক্তন গ্ৰামসেৱক অনিল চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি সভাত ক্ৰমে বি কে নিত্যানন্দ-ৱাহেদ আলী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নন্দলাল সৰকাৰ,বৰপেটা আৰক্ষী অধীকৰ কাৰ্যালয়ৰ সহায়ক তথা বিশিষ্ট সমাজকৰ্মী নিখিল মণ্ডল, বি কে নিত্যানন্দ-ৱাহেদ আলী হাইস্কুলৰ অসৰপ্ৰাপ্ত শিক্ষক তথা পৰিচালনা সমিতিৰ সভাপতি প্ৰিয়নাথ ৰায়, কয়াকুছি মিলন এমই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সনাতন মণ্ডল, পাকাবেতবাৰীৰ সাংবাদিক প্ৰদীপ কুমাৰ সৰকাৰ, জিলমোহন ৰায়,কয়াকুছিৰ সাংবাদিক আব্দুল জলিল, আদি কৰি বহুতো বিশিষ্ট ব্যক্তিসকলে বিশ্ব কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ কৰ্মজীৱনী, আদৰ্শ তথা সমাজৰ কৰণীয় আদি দিশ সন্দৰ্ভত ভাষন প্ৰদানেৰ মাজেৰে বিস্তাৰিতভাৱে আলোকপাত কৰে।কাৰ্যসূচী অনুসৰি ঠাকুৰৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত কেইবাজনো মুখীয়াল ব্যক্তিয়ে ৰবীন্দ্ৰ সংগীত পৰিৱেশনেৰে জীপাল কৰি তোলা অনুষ্ঠানত সমাজকৰ্মী বৰুন ৰায়,সুকুমাৰ সৰকাৰ,বাবুলাল ৰায় আদিকে কৰিস্থানীয় বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিক সচেতন ৰাইজ উপস্থিত থাকে। সমাজকৰ্মী জিলমোহন ৰায়ে আঁত ধৰা অনুষ্ঠানৰ অন্তত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সফল সমাপ্তি ঘটে। সম্প্ৰতি এনেকুৱা সমাজ হিতৈষী পদক্ষেপেৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান যুগুতোৱাৰ বাবে উদ্যোক্তাসকললৈ স্থানীয় সমাজ সচেতন ব্যক্তিসকলে ভূয়সী প্ৰশংসা কৰে।

প্ৰেৰক আফতাব হুছেইন

You might also like