ঢকুৱাখনা-ঘিলামৰাত এপাৰ্টৰ আঁচনি পৰিদৰ্শন ঢকুৱাখনা মহকুমা কৃষি বিষয়া গৌতম ডেকাৰ
নিয়মীয়া বাৰ্তা, ১১ মেঃ ঢকুৱাখনা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অধীনত ঘিলামৰা আৰু ঢকুৱাখনাত এপাৰ্টৰ আঁচনিৰে ৰূপায়ণ কৰা দুখন মৌ পালন ক্ষেত্ৰ পৰিদৰ্শন কৰে ঢকুৱাখনাৰ মহকুমা কৃষি বিষয়া গৌতম ডেকাই ৷ ঢকুৱাখনা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ঘিলামৰা ক্ষি খণ্ডৰ অধিনত মইনাপৰা বহুমুখী সমবায় সমিতিয়ে লাভ কৰা আৰু এপাৰ্টৰ আঁচনিৰ ১ লাখ ২০ হাজাৰ টকাৰ ব্যয়সাপেক্ষে ৰূপায়ণ কৰা মৌ পালন ক্ষেত্ৰৰ ২৫টাকৈ মৌ বাঁহ পৰিদৰ্শন কৰি বিভিন্ন দিহা পৰামৰ্শেৰে মৌ পালকসকলক উৎসাহিত কৰে ৷ পৰৱৰ্তী সময়ত কৃষি বিষয়াগৰাকীয়ে ঢকুৱাখনা ক্ষি খণ্ডৰ অধিনৰ দীঘলা গাঁৱৰ লাকী আত্মসহায়ক গোটটোৱে লাভ কৰা সমসংখ্যক আনখন মৌ পালন ক্ষেত্ৰ পৰিদৰ্শন কৰি মৌ পালনৰ জৰিয়তে লাভান্বিত হব পৰা বিভিন্ন দিহা পৰামৰ্শ দি মৌ পালকসকলক উৎসাহিত কৰা লগতে ঘিলামৰা ক্ষি ক্ষেত্ৰৰ কাৰ্যালয়ৰ কাম কাজৰ অগ্ৰগতিৰ খতিয়ানৰো বুজ লয় ৷ ঢকুৱাখনা মহকুমাৰ আগ্ৰহী কৃষক সকলৰ বিভিন্ন ক্ষি ক্ষেত্ৰ সময়ে সময়ে পৰিদৰ্শন কৰি ক্ষক ৰাইজক বিভিন্ন কৃষি পৰামৰ্শেৰে উৎসাহিত কৰি নৱ প্ৰজন্মক কৃষি ক্ষেত্ৰৰ পতি আগ্ৰহী কৰি অহা কৃষি বিষয়াগৰাকীৰ এই মৌ ক্ষেত্ৰ পৰিদৰ্শনে মৌ পালকসকলক যথেষ্ট উৎসাহিত কৰা বুলিও জানিবলৈ দিয়ে ঘিলামৰা মইনাপৰা বহুমুখী সমবায় সমিতিৰ লগতে দীঘলা গাঁৱৰ লাকী আত্মসহায়ক গোটৰ সদস্য সদস্যাসকলে ৷
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি