জোনাইত ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাক যুৱ-ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ বিদায় সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১২ মেঃ ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক(Additional Superintendent of police) গুণেন্দ্ৰ ডেকাক আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জনোৱা৷ ধেমাজি জিলাত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত গুণেন্দ্ৰ ডেকা কৰ্মসূত্ৰে ধেমাজিৰ পৰা গুৱাহাটীলৈ বদলি হৈছে৷ আজি জোনাই আৰক্ষী থানাত বিষয়াগৰাকীক অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক নীল গগৈ, ধেমাজি জিলাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি জ্ঞান শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ সমিতিৰ সাংগঠনিক সম্পাদক ধীৰাজ মিৰি, জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা আৰু সম্পাদক ৰত্নেশ্বৰ মিৰিৰ উপস্থিতিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ তৰফৰ পৰা ফুলাম গামোচা, মিচিং ঐৰকক আৰু এজোপা গছ পুলিৰে বিদায় সম্বৰ্ধনা জনোৱা হয়৷
প্ৰেৰক কৰবী দলে