ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ; ৰাজ্যপালৰ হাতত অৰ্পণ কৰিলে পদত্যাগ পত্ৰ
নিয়মীয়া বাৰ্তা, ১৪ মেঃ ত্ৰিপুৰাত ২০২৩ চনৰ মে মাহত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে আজি ত্ৰিপুৰাৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তন। মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে শনিবাৰে পদত্যাগ কৰে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্যৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।
ইপিনে বিপ্লব কুমাৰ দেৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত ত্ৰিপুৰাত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ভূপেন্দৰ যাদৱে কয় যে নিশা ৮ বজাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব, য’ত এজন নতুন নেতা নিৰ্বাচিত কৰা হ’ব।
Tripura | A meeting of the legislative party will be held at 8 pm. The new leader will be elected, said Union Minister & BJP central observer, Bhupender Yadav, after Biplab Kumar Deb resigned as the Chief Minister pic.twitter.com/WlxlCeIEQF
— ANI (@ANI) May 14, 2022
উল্লেখ্য যে পদত্যাগ পত্ৰ দাখিল কৰাৰ পূৰ্বে শুকুৰবাৰে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল বিপ্লব কুমাৰ দেৱে। যদিও বিজেপিৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ আঁৰৰ কোনো কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই তথাপি দলৰ সূত্ৰই জনোৱা মতে বিপ্লৱ কুমাৰ দেবৰ নেতৃত্বৰ বিৰুদ্ধে যোৱা বছৰৰ পৰা দলৰ ভিতৰ চোৱাত তেওঁৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল ।