ড০ নিৰূপমা মহন্তক ৰমণী গাভৰু, তিলেশ্বৰ সন্দিকৈক কৃষক বঁটা প্ৰদান
নিয়ৰ্মীয়া বাৰ্তা, ১৫মেঃ নাজিৰা মহকুমাৰ ঐতিহাসিক ৰমণী আলিৰ দাঁতিকাষৰীয়া বৃহত্তৰ কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক ব’হাগী বিদায় উৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা হৈছে ৰমণী গাভৰু বঁটা। আহোম ৰাজত্বৰ সোণোৱালী ইতিহাসত জাতিৰ বাবে কৰা ত্যাগেৰে জিলিকি থকা ৰমণী গাভৰু প্ৰতি সন্মান জনাই এই বঁটা প্ৰদান কৰা হয়।
চলিত বৰ্ষত শিৱসাগৰৰ বিশিষ্টা শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা আদৰ্শৱান মহিলা ড০ নিৰুপমা মহন্তলৈ আগবঢ়োৱা হয় ২০২২ বৰ্ষৰ ‘ৰমণী গাভৰু বঁটা’। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ মাতৃ ড০ নিৰুপমা মহন্ত শিৱসাগৰৰ কোঁৱৰপুৰ বৰখাটপাৰ সত্ৰৰ নিবাসী। যোৱা ১৩ আৰু ১৪ মে তাৰিখে শিমলুগুৰিৰ কেন্দুগুৰিত দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা ৬২ তম কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হাগী বিদায় উৎসৱৰ অন্তিম দিনৰ মুকলি সভাত মহন্তক এই বঁটা প্ৰদান কৰে উদযাপন সমতিৰ লগতে আটাছু শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াই।
উল্লেখযোগ্য যে আঞ্চলিক দ্বি বাৰ্ষিক ব’হাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে ইয়াৰ সোণালী জয়ন্তী বৰ্ষত গ্ৰহণ কৰা এক সিদ্ধান্ত অনুসৰি প্ৰতি দুবছৰৰ মূৰে মূৰে এই বঁটা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) সহযোগত প্ৰদান কৰি আহিছে। এই বঁটাত আছে এখন প্ৰশষ্টি প্ৰত্ৰ, এটা ৰমণীগাভৰুৰ স্মাৰক, চেলেং চাদৰ, গামোছা, গ্ৰন্থৰ টোপোলা আৰু নগদ ধন।
ইফালে কৃষক সকলক উৎসাহিত আৰু অনুপ্ৰানিত কৰাৰ উদ্দেশ্যে উদযাপন সমিতিয়ে প্ৰৱৰ্তন কৰা বলোৰাম বাইলুং বৰুৱা সোঁৱৰণী কৃষক বঁটা প্ৰদান কৰা হয় লাকুৱা চলাপথাৰৰ প্ৰগতি কৃষি ফাৰ্মৰ স্বত্বাধিকাৰী তথা আদৰ্শৱান কৃষক তিলেশ্বৰ সন্দিকৈক। আদৰ্শবান কৃষক সন্দিকৈয়ে লাকুৱা চলপথাৰত ৪৫ বিঘাৰো অধিক মাটিতপ্ৰগতি কৃষি ফাৰ্ম নামেৰে ফাৰ্ম গঢ়ি সেউজ বিপ্লৱৰ সূচনা কৰিছে। মুকলি সভাখনত উপস্থিত থাকে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত, গড়গাঁও মহাবিদ্যালয় প্ৰাক্তন মুৰব্বী অধ্যাপক পূণ্য কোঁৱৰ, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা চাও লিটুুল বুঢ়াগোহাই, আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চাও জয়ন্ত সন্দিকৈ, সাধাৰণ সম্পাদক চাও মানসজ্যোতি সন্দিকৈৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাখনত অঞ্চলটোলৈ গৌৰৱ কঢ়িওৱা কৃতি ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হয়।