বিশেষ বাৰ্তা, শুৱালকুছি, ১৬ মেঃ বস্ৰনগৰী শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিচৰত এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে। বালিচৰৰ ৮৪ বিঘা মাটিত বিভিন্ন গছ-লতাই বাৰেৰহনীয়া ফুলৰ সমাহাৰৰে শোভাবৰ্ধন কৰিছে। এজাৰ, কদম, চতিয়ান শিমলুৰ উপৰিও জনা-নজনা ভিন্ন ৰঙী গছ বিৰিখৰ ফুলে বিভিন্ন চৰাই-চিৰিকটিক আকৰ্ষণ কৰি পক্ষীৰ কলৰৱ তোলাত এক মধুময় পৰিবেশৰ সমন্বয় ঘটিছে। পুৱাৰ পৰা গধুলিলৈ আবাল-বৃদ্ধ-বনিতাই বালিচৰত পুৱা গধূলি অৱসৰ বিনোদনৰ বাবে ভিৰ কৰে। ওচৰৰে ব্ৰহ্মপুত্ৰৰ পানীৰ কুলু-কুলু ধ্বনি পক্ষী কুলৰ মাতত আপোন পাহৰা হৈ পৰে সুধিগণ। দিনৰ দিনটো তাতঁশালত বুটা বাচি এপলক বালিচৰত বহি যেন সৰগৰ সুখ অনুভব কৰে। পশ্চিমে বাঘেশ্বৰী পাহাৰ পূৰ্বে ঘাটিয়া পাহাৰ উত্তৰে সিদ্ধেশ্বৰ পাহাৰৰ দেৱালয়ে মন প্ৰাণ জুৰ কৰে। কবিৰ ভাষাৰে জননী জন্ম ভূমিস্ব স্বৰ্গাদপি গৰিয়সী। মুঠতে বস্ত্ৰনগৰী শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ লগতে প্ৰাকৃতিক পৰিৱেশৰে ভৰপুৰ শুৱালকুছিৰ ৰূপৰ তুলনা নাই।