নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনঃ সাজু হৈছে শাসকীয় দলৰ লগতে বিভিন্ন ৰাজনৈতিক দল

নিয়মীয়া বাৰ্তা, ১৬ মে’ – কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ ত্ৰয়োদশ সাধাৰণ নিৰ্বাচন অহা ৮ জুনত অনুষ্ঠিত হ’ব । নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে । বিশেষকৈ শাসকীয় বিজেপি দলে সমাগত পৰিষদীয় নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰ হোৱা দেখা গৈছে । কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ ২৬ টা সমষ্টিৰ বাবে অনুষ্ঠিত হʼবলগীয়া নিৰ্বাচনত শাসকীয় বিজেপি দলে আটাইকেইটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে আন ৰাজনৈতিক দল সমূহে আসন বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ।
উল্লেখযোগ্য যে, ৰাজ্যিক নিৰ্বাচন আয়োগে পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰোৱা ১৩ মে’ৰ পৰা দুদিনীয়াকৈ জিলাখনৰ চাৰিটাকৈ বিধানসভা সমষ্টিত দলীয় সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ লগতে দলৰ কাৰ্যকৰ্তাৰ সৈতে মিলিত হৈ আগন্তুক নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে । উল্লেখযোগ্য যে, অহা ২০ মেʼত ২৬ টা পৰিষদীয় সমষ্টিত দলীয় টিকট ঘোষণা কৰাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সভাপতি গৰাকীৰ উক্ত কাৰ্যসূচী বিশেষ তাতপৰ্যপূৰ্ণ বহন কৰিছে ।
আনহাতে পশ্চিম কাৰ্বি আংলং জিলাৰ ৯ টা পৰিষদীয় সমষ্টিৰ বাবে ইতিমধ্যে শতাধিক দলীয় বিষয়ববীয়াই টিকট বিচাৰি আবেদন কৰিছে বুলি পশ্চিম কাৰ্বি আংলং জিলা বিজেপি সভাপতি ৰদীপ ৰংহাঙে জানিব দিছে । প্ৰতিটো পৰিষদীয় সমষ্টিৰ পৰা ৫ ৰ পৰা ১০ জনকৈ অধিক প্ৰাৰ্থীয়ে টিকট বিচৰাৰ বিপৰীতে ৬ নং বিথুং ৰেংথামা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙৰ বাহিৰে আন কোনো প্ৰাৰ্থী‌য়ে টিকটৰ বাবে আবেদন কৰা নাই বুলি জানিব পৰা গৈছে ।
প্ৰেৰক – হেমন্ত কুমাৰ নাথ, বৈঠালাংছʼ  
You might also like