নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান! শিশুৰ অশ্লীল ছবি উপভোগ কৰা লোকসকল আহি আছে কঠোৰ আইন

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ ইণ্টাৰনেটত শিশুৰ অশ্লীল ছবি উপভোগ কৰা লোক সকলৰ বাবে দুখবৰ। যি সকল লোকে শিশুৰ এনে ধৰণৰ ছবি উপভোগ কৰে সেই সকল লোক শাস্তিৰ সন্মুখীন হ’ব সেইটো থিৰাং কৰা হৈছে। ৰাজ্যসভাত এডহাক কমিটিৰ প্ৰতিবেদন ইতিমধ্যে দাখিল কৰা হৈছে। প্ৰতিবেদন খনত উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰী মোডীয়ে মন কি বাত এই বিষয়ে কব লাগে যাতে দেশ খনত ইয়াৰ বিৰোধে এক পৰিবেশ গঢ়ি উঠে।
প্ৰতিবেদন খনত লগতে উল্লেখ কৰা হৈছে যে ইণ্টাৰনেটত সেৱা প্ৰদান কৰা কোম্পানী সমূহে এই সম্পৰ্কে দায়িত্ব লব লাগে। ইণ্টাৰনেট প্ৰদান কৰা কোম্পানী সমূহে শিশুৰ অশ্লীল ছবি সমূহ যাতে সহজে উপলব্ধ নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগেত পছকঅ এক্ট ২০১২, আৰু আই টি এক্ট ২০০০ সংশোধন কৰিব লাগে।
কমিটিখনৰ মতে শিশুৰ সুৰক্ষা বহু জৰুৰী। স্কুলৰ পৰিচালনা সমিতিয়েও ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে। লগতে আই টি এক্টৰ অধীনত যিয়ে শিশুৰ অশ্লীল বোলছবি প্ৰদান কৰাৰ লগতে, যিয়ে পৰিচালনা কৰাৰ লগতে প্ৰচাৰ কৰাৰ লোকসকলক শাস্তি প্ৰদান কৰিব লাগে। এনেকুৱা ৱেবচাইট দেখিলে লগে লগে বন্ধ কৰাৰ অধিকাৰ থাকিব লাগে। লগেত শিশুৰ অশ্লীল ছবি ৰোধ কৰাৰ বাবে এপ বনোৱাৰও পোষকতা কৰে।
সমিতি খনে প্ৰতিবেদন প্ৰস্তুত কৰাৰ আগতে গুগল, ফেচবুক, বাইটডেন্স, টুইটাৰ, ছেয়াৰ চাট প্ৰতিনিধি সকলৰ সৈতেও আলোচনা কৰে। সেই প্ৰতিনিধি সকলে দিয়া পৰামৰ্শ সন্নিবিষ্ট কৰা হৈছে।
উপৰাষ্ট্ৰপতি ভেংকাইয়া নাইডুয়ে এই কমিটি খন যোৱা বৰ্ষৰ ডিচেম্বৰত গঠন কৰিছিল। এই কমিটিখনৰ ছেয়াৰমেন জয়ৰাম ৰমেশ, যত ১৪ জন সদস্য আৰু ৭ গৰাকী মহিলা সদস্যও অন্তুৰ্ভুক্ত হৈ আছে। এই প্ৰতিবেদন খন ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰা হৈছে।

You might also like