বিশেষ বাৰ্তা, ১৯ মেঃ বাৰাণসীৰ জ্ঞানবাপী মছজিদত শিৱলিংগৰ উপস্থিতিক লৈ চলি থকা বিতৰ্কৰ মাজতে বুধবাৰে অভিনেত্ৰী কংগনা ৰানাউটে কয় যে কাশীৰ প্ৰতিটো কণিকাতে বাস কৰে ভগৱান শিৱই। আৰু ভগৱান শিৱক কোনো আকাৰৰ প্ৰয়োজন নাই। ঘৃণনীয় আচৰণ আৰু গালি-গালাজ নীতি উলংঘা কৰাৰ বাবে টুইটাৰত নিষিদ্ধ কৰা অভিনেত্ৰীগৰাকীয়ে কয় যে, যিদৰে অযোধ্যাৰ প্ৰতিটো কণিকাতে ভগৱান ৰাম আৰু মথুৰাৰ প্ৰতিটো কণিকাতে ভগৱান শ্ৰীকৃষ্ণৰ বাস, ঠিক একেদৰে কাশীৰ প্ৰতিটো কণিকাতে ভগৱান শিৱ আছে। উল্লেখনীয় যে, কংগনা ৰানাউটে তেওঁৰ ছবি ‘ধাকাদ’ মুক্তিৰ পূৰ্বে বুধবাৰে বাৰাণসী ভ্ৰমণ কৰে। এই ভ্ৰমণত কংগনাৰ সৈতে থাকে তেওঁৰ সহ অভিনেতা অৰ্জুন ৰামপাল আৰু দিব্য দত্ত।