নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি হৈছে ৰতন টাটাৰ, বডীগাৰ্ড অবিহনে নেনোত উঠি আহিল তাজ হোটেললৈ

বিশেষ বাৰ্তা, ১৯ মেঃ ৰতন টাটা নিঃসন্দেহে ভাৰতৰ অন্যতম সু-পৰিচিত উদ্যোগপতি। তেওঁৰ সৰলতাই সকলোকে মুগ্ধ কৰে। প্ৰতিষ্ঠানৰে এখন সুলভ মূল্যৰ গাড়ী হ’ল টাটা নেনো, যাৰ দাম আছিল ১ লাখ। এই গাড়ীখনে বহু ভাৰতীয়ক গাড়ীৰ মালিক হোৱাৰ সপোন পূৰণ কৰিবলৈ সুবিধা কৰি দিছিল। এই টাটা নেনো গাড়ীৰে মুম্বাইৰ এখন হোটেলত উপস্থিত হৈছে টাটা ট্ৰাষ্টৰ অধ্যক্ষই। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে গাড়ীত উঠি ৰতন টাটা উপস্থিত হৈছে তাজ হোটেলত। উদ্যোগপতিগৰাকীৰ কৃপা আৰু সৰলতাই আপ্লুত কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক। কেইবাজনো লোকে ৰতন টাটাৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰশংসা প্ৰকাশ কৰিছে।গাড়ীখন মুকলি কৰাৰ সময়ত ফটো এখন শ্বেয়াৰ কৰি ৰতন টাটাই লিখিছিল- যিহে মোক আচলতে এনে এখন বাহন নিৰ্মাণৰ ইচ্ছা জগাই তুলিছিল সেয়া আছিল প্ৰায়ে পিছল ৰাস্তাত স্কুটাৰত উঠি যোৱা ভাৰতীয় পৰিয়ালসমূহক অহৰহ দেখা পোৱা, মাক আৰু দেউতাকৰ মাজত চেণ্ডুইচ কৰা শিশুটিক দেখি।

You might also like