নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও চহৰৰ মিলনপুৰত ছিগিল পথঃ বিপদ সীমাৰ ওপৰেৰে বৈ আছে কলং

নিয়মীয়া বাৰ্তা, ২১ মে’: নগাঁও চহৰৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈৰ জলপৃষ্ঠ কালিৰ তুলনাত যথেষ্ঠ বৃদ্ধি পাইছে।আজি জলসম্পদ বিভাগৰ তথ্য অনুসৰি নগাঁও চহৰত কলংনৈ বিপদ সীমাৰ ডেৰ মিটাৰ ওপৰেৰে বৈ আছে। আজি পুৱতি নিশা চহৰ খনৰ মিলনপুৰৰ এটা পথ কলঙৰ বাঢ়নী পানীয়ে ছিঙি পেলাই। ফলত সেই পথত যাতায়ত ৱ্যৱস্থা ব্যাহত হৈ পৰিছে। চহৰখনৰ সমীপৰ হৰহৰীয়া জানৰ শ্লুইচ গেট বানে ভাঙি পেলোৱাত ইয়াৰ কাষৰীয়া অঞ্চল বানৰ কবলত পৰিছে। চহৰখনৰ শিৱনগৰ কলংপাৰ পথ,বৈদ্যটুপ, চকীটুপ, পুলিচ ৰিজাৰ্ভৰ একাংশ, নেহৰুবালি, মিলনপুৰকে ধৰি কেবাটাও এলেকা বানৰ কবলত পৰিছে।জিলাখনৰ ৰহাত কলং নৈ জলপৃষ্ঠ হ্ৰাস পাইছে যদিও কলং বিপদ সীমাৰ ওপৰৰে বৈ আছে। নগাঁও চহৰৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা আছে।

You might also like