ভাৰত–ব্রাজিলৰ মাজত ১৫খন চুক্তি স্বাক্ষৰিত
নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ বাণিজ্য আৰু বিনিয়োগ, তেল আৰু গেছ, চাইবাৰ নিৰাপত্তা আৰু তথ্য–প্রযুক্তিকে ধৰি বিভিন্ন বিষয়ত ভাৰত আৰু ব্রাজিলে শনিবাৰে ১৫খনকৈ চুক্তি স্বাক্ষৰিত কৰি সহযোগিতাৰে উন্নয়নৰ দিশেৰে আগবাঢ়িবলৈ সংকল্পবদ্ধ হয়৷
ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ মেছিয়াছ বলছ’নাৰো আৰু ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মাজত হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ ভাৰতৰ প্রধানমন্ত্রীজনে কয় যে এই সকলো চুক্তি কার্যকৰী কৰাৰ বাবে কার্যকৰী পৰিকল্পনা গ্রহণ কৰা হ’ব৷
ব্রাজিলৰ ৰাষ্ট্রপতিৰ উপস্থিতিত সংবাদ মাধ্যমৰ আগত বিবৃতি দি প্রধানমন্ত্রী মোদীয়ে কয় যে বলছ’নাৰোৰ ভাৰত ভ্রমণে ভাৰত আৰু ব্রাজিলৰ সৈতে দ্বিপাক্ষিক সম্পর্কৰ এটা নতুন অধ্যায়ৰ সূচনা কৰিলে৷
ভাৰতৰ অর্থনৈতিক বিকাশৰ ক্ষেত্রত ব্রাজিলক গুৰুত্বপূর্ণ সহযোগী বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভৌগোলিক দূৰত্ব থকা সত্ত্বেও দুই দেশে বিভিন্ন আন্তঃৰাষ্ট্রীয় বিষয়ত একেলগে কাম কৰিব৷
উল্লেখ্য যে আজি ভাৰতৰ গণৰাজ্য দিৱস উপলক্ষে ব্রাজিলৰ ৰাষ্ট্রপতিজনে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে ৷