নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় ৰেলী চেম্পিয়নশ্বিপত উজ্বলিল অসম সন্তান হংসৰাজ শইকীয়া

নিয়মীয়া বাৰ্তা, ২৪ মে : অসম সন্তান হংসৰাজ শইকীয়াই অসমক প্ৰতিনিধিত্ব কৰি ৪০০ চিচি শ্ৰেণীৰ অধীনত এমআৰএফ মোগ্ৰিপ এফএমএছচিআই ৰাষ্ট্ৰীয় ৰেলী চেম্পিয়নশ্বিপত প্ৰথম স্থান লাভ কৰি সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ২১ আৰু ২২ মে’ত মাংগালুৰুত অনুষ্ঠিত হোৱা এই ৰেলীত হংসৰাজে এখন কেটিএম ডিউক ৩৯০ মটৰচাইকেলৰ সৈতে অংশগ্ৰহণ কৰিছিল।

 মন কৰিবলগীয়া যে ৰাজ্যত মটৰস্পৰ্টৰ প্ৰচাৰ আৰু প্ৰসাৰ লাভ নকৰাৰ সময়তে ৰাষ্ট্ৰীয় ৰেলীত অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰা হংসৰাজে ভৱিষ্যতে অধিক কঠোৰ প্ৰশিক্ষণ লৈ আৰু অধিক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয় কৰাৰ সপোন পুহি ৰাখিছে। ইয়াৰলগতে তেওঁ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ এই খেলত আগ্ৰহী নতুন চালকসকলকো সহায় কৰিব বিচাৰে।

লক্ষণীয় যে, হংসৰাজে বৰ্তমানলৈকে কেইবাটাও ৰাষ্ট্ৰীয় মটৰস্পৰ্ট ইভেণ্টত অসমক প্ৰতিনিধিত্ব কৰিছে, যাৰ ভিতৰত – ৰেড বুল এচিই অফ ডাৰ্ট ২০২১(Red Bull ACE of dirt 2021), আৰু এফএমএছচিআই ইণ্ডিয়ান নেচনেল ৰেলী স্প্ৰিণ্ট চেম্পিয়নশ্বিপ(FMSCI Indian National Rally Sprint Championship) অন্যতম।

You might also like