নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমা নহয় এইবাৰ বড়ো সমস্যাত দিয়া হ’ব দাৰিঃ সাংসদ বিশ্বজিৎ দৈমাৰী

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ সোমবাৰে নতুন দিল্লীত স্বাক্ষৰিত হ’ব বড়ো চুক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব সমূহ বড়ো দল-সংগঠনৰ নেতৃত্বই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব এই চুক্তি স্বাক্ষৰ বৈঠকত। স্বাক্ষৰকাৰী হিচাপে উপস্থিত থাকিব হাগ্ৰামা মহিলাৰী, NDFBৰ আটাইকেইটা গোটৰ নেতা, গোবিন্দ বসুমতাৰী, ৰঞ্জন দৈমাৰী, ধীৰেন বড়োকে ধৰিকে এবছুৰ সভাপতি প্ৰমোদ বড়ো।

              আনহাতে এই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিছিৰ এলেকাকে  ধৰি সকলো কথা নিৰ্ভৰ কৰিব NDFBৰ স্থিতিৰ ওপৰত। আনহাতে বড়ো চুক্তি কৰিবলৈ এবছু আগবাঢ়ি অহা সন্দৰ্ভতো হাগ্ৰামা মহিলাৰীয়ে কয় যে পৃথক বড়োলেণ্ডৰ দাবী সম্পূৰ্ণৰূপে ত্যাগ কৰি NDFBৰ সৈতে আলোচনালৈ অহাতো এবছুৰ বাবে দুৰ্ভাগ্যজনক, কাৰণ পৃথক বড়োলেণ্ড বড়োসকলৰ জন্মগত দাবী। এই চুক্তিৰ পাছত বড়োসকলে বহু প্ৰাপ্য কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা পাব।এই সন্দৰ্ভত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে বড়োসকলৰ সকলো সমস্যা সমাধান হব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাজনৈতিক সমস্য়া সমাধান কৰিব।