নিউজ লাইভ–চি ভোটাৰৰ সমীক্ষাঃ ৰাজ্যৰ ৩৬.৭ শতাংশ লোক ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ কামত অতি সন্তুষ্ট
নিয়মীয়া বাৰ্তা, ২৫ মেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে এবছৰ সম্পূর্ণ কৰিলে৷ কংগ্রেছৰ ১৫ বছৰীয়া শাসনৰ পাছত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত গঠন হোৱা বিজেপি মিত্রজোঁটৰ চৰকাৰখনে প্রথম বর্ষপূর্তিতে জনপ্রিয়তাৰ শীর্ষত আৰোহণ কৰিছে৷ নিউজ লাইভ–চি ভোটাৰৰ সমীক্ষাত শেহতীয়াকৈ প্রকাশ পাইছে এই তথ্য৷ সংবাদ প্রতিষ্ঠান দুটাই অসমৰ ভোটাৰৰ মাজত চলোৱা সমীক্ষা অনুসৰি এবছৰীয়া মিত্রজোঁটৰ চৰকাৰখনৰ কাম–কাজত ৰাজ্যত ৩৬.৭ শতাংশ লোক অতি সন্তুষ্ট৷
আনহাতে, ১৮.১ শতাংশ লোক চৰকাৰৰ কাম–কাজত সন্তুষ্ট নহয়৷ উল্লেখ্য যে যোৱা বর্ষৰ ১০ মে’ত শপতগ্রহণ কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বতে বিজেপি আৰু মিত্রদলে যোৱা এবছৰত ৬টা নির্বাচনত অভাৱনীয়ভাৱে জয়লাভ কৰাৰ লগতে দলৰ বিত্তীয় কৰৰ সংখ্যাও বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ সেয়াই নহয়, একাধিক প্রশাসনীয় সংস্কাৰ, কেইবাটাও ঐতিহাসিক সিদ্ধান্তৰে সর্বসাধাৰণ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা চৰকাৰখনৰ কাম–কাজক লৈ ৩৬.৭ শতাংশ অতি সন্তুষ্ট হোৱাৰ বিপৰীতে ১৭.৪ শতাংশ সন্তুষ্ট আৰু ২৭.৪ শতাংশ কম সন্তুষ্ট বুলি সমীক্ষাত প্রকাশ পাইছে৷ নিউজ লাইভ–চি ভোটাৰে পুৰুষ–মহিলা, ২৫ বছৰৰ তলৰ আৰু মুছলমান লোকৰ পৰা লোৱা মতামত এই সমীক্ষাত পৃথকে পৃথকে প্রকাশ কৰিছে৷ সেই অনুসৰি চৰকাৰৰ কাম–কাজক লৈ ৩৫.৬ শতাংশ পুৰুষ অতি সন্তুষ্ট, ১৬.৭ শতাংশ সন্তুষ্ট, ৩০.৯ শতাংশ কম সন্তুষ্ট আৰু ১৬.৭ শতাংশ পুৰুষ সন্তুষ্ট নহয়৷ সেইদৰে ৩৮.৮ শতাংশ মহিলাই চৰকাৰৰ কাম–কাজক লৈ অতি সন্তুষ্ট, ১৮.৯ শতাংশ সন্তুষ্ট, ২১.২ শতাংশ কম সন্তুষ্ট আৰু ২১.১ শতাংশ মহিলা সন্তুষ্ট নহয়৷ আনহাতে ৩৬.৫ শতাংশ ২৫ বছৰৰ তলৰ যুৱক–যুৱতীয়ে চৰকাৰৰ কাম–কাজক লৈ অতি সন্তুষ্ট, ২০.৩ শতাংশ সন্তুষ্ট, ২৩ শতাংশ কম সন্তুষ্ট আৰু ২০.১ শতাংশ যুৱক–যুৱতী সন্তুষ্ট নহয়৷ মুছলমান লোকসকলৰ পৰা লোৱা মতামত অনুসৰি ১৭.৩ শতাংশ মুছলমান লোকে চৰকাৰৰ কাম–কাজক লৈ অতি সন্তুষ্ট৷ ইয়াৰ বিপৰীতে ১০ শতাংশ সন্তুষ্ট, ৪৮.৯ শতাংশ কম সন্তুষ্ট আৰু ২৩.৮ শতাংশ মুছলমান লোক সন্তুষ্ট নহয়৷
ইফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কর্মদক্ষতাত সাধাৰণ ৰাইজে কিমান সুখী তাক লৈও নিউজ লাইভ–চি ভোটাৰে চলোৱা সমীক্ষাত ৬০.২ শতাংশ লোকে সুখী বুলি মতামত আগবঢ়াইছে৷ ইয়াৰ বিপৰীতে ৩৯.৮ শতাংশ লোক সুখী নহয় বুলি সমীক্ষাত প্রকাশ পাইছে৷ সমীক্ষাটোৰ মতে ৫৯.১ শতাংশ পুৰুষ মুখ্যমন্ত্রীৰ কর্মদক্ষতাক লৈ সুখী আৰু ৪০.৯ শতাংশ পুৰুষ সুখী নহয়৷ আনহাতে, ৬২.৫ শতাংশ মহিলা মুখ্যমন্ত্রী ড০ শর্মাৰ কাম–কাজক লৈ সুখী আৰু ৩৭.৫ শতাংশ সুখী নহয়৷ সেইদৰে ২৫ বছৰৰ তলৰ ৫৩.৫ শতাংশ যুৱক–যুৱতী মুখ্যমন্ত্রীৰ কাম–কাজক লৈ সুখী আৰু ৪৬.৫ শতাংশ যুৱক–যুৱতী সুখী নহয়৷ সমীক্ষাটোৰ মতে ২৯.৮ শতাংশ মুছলমান লোকে ড০ শর্মাৰ কর্মদক্ষতাত সুখী, ইয়াৰ বিপৰীতে ৭০.২ শতাংশ মুছলমান লোক মুখ্যমন্ত্রীৰ কর্মদক্ষতাক লৈ সুখী নহয়৷ উল্লেখ্য যে মুখ্যমন্ত্রীয়ে তেওঁৰ চৰকাৰৰ প্রথম কার্যকালত ব্যাপক হাৰত চলোৱা প্রশংসনীয় সংস্কাৰৰ ফলত ৰাজ্য প্রশাসনত দুর্নীতি যথেষ্ট হ্রাস পাইছে৷ নিউজ লাইভ–চি ভোটাৰৰ সমীক্ষাত চৰকাৰৰ এই পদক্ষেপক সমর্থন জনাইছে ৫২.৯ শতাংশ লোকে৷ সমীক্ষাটোৰ মতে বিগত এটা বছৰে দুর্নীতি হ্রাস হোৱা বুলি ৫২.৯ শতাংশ লোকে ভাবে৷ ইয়াৰ বিপৰীতে ৪৭.১ শতাংশ লোকে এটা বছৰত দুর্নীতি হ্রাস হোৱা বুলি নাভাবে৷ ইফালে সংবাদ প্রতিষ্ঠান দুটাৰ সমীক্ষাত ৫১.১ শতাংশ বর্তমানৰ চৰকাৰখনে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব বুলি ধাৰণা কৰে৷ ইয়াৰ বিপৰীতে ৪৮.৯ শতাংশ লোকে চৰকাৰখনে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব বুলি ধাৰণা নকৰে৷ সমীক্ষা অনুসৰি ৫৬.৫ শতাংশ লোকে অসমত মহিলা পূর্বতকৈ এতিয়া অধিক সুৰক্ষিত বুলি ভাবে৷ অৱশ্যে ৪৩.৫ শতাংশ লোকে অসমত মহিলা পূর্বতকৈ এতিয়া সুৰক্ষিত বুলি নাভাবে৷ মন কৰিবলগীয়া যে ড্রাগ্ছৰ বিৰুদ্ধে চৰকাৰে গ্রহণ কৰা পদক্ষেপক লৈ সমীক্ষাটোত যথেষ্ট সমর্থন লাভ কৰিছে৷ নিউজ লাইভ–চি ভোটাৰৰ সমীক্ষাৰ মতে ৬৩.৬ শতাংশ লোকে ড্রাগ্ছৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে সঠিক দিশত কাম কৰি আছে বুলি ভাবে৷ উল্লেখ্য যে বর্তমানৰ চৰকাৰখনে ক্ষমতালৈ অহাৰ পাছত ড্রাগ্ছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি বৃহৎ অভিযান চলাইছে৷ যোৱা এবছৰত ড্রাগ্ছ মাফিয়াৰ বিৰুদ্ধে ২,৮৩৪টাৰো অধিক গোচৰ পঞ্জীয়ন কৰাৰ লগতে ৪,৮৩৮জন ড্রাগ্ছ ব্যৱসায়ী আৰু ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে৷ এই সময়ছোৱাত ৫৪৮.৫৩ কোটিৰো অধিক ড্রাগ্ছ জব্দ কৰা হৈছে৷
সমীক্ষাটোত ৩৬.৪ শতাংশ লোকে ড্রাগ্ছৰ বিৰুদ্ধে চৰকাৰে সঠিকভাৱে কাম নকৰা বুলি ভাবে৷ ইফালে সমীক্ষাটোৰ মতে ৰাজ্যখনত অপৰাধ নিয়ন্ত্রণৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰা হৈছে বুলি ৰাজ্যত ৬১.৬ শতাংশ লোকে ধাৰণা কৰে৷ ইয়াৰ বিপৰীতে ৩৮.৪ শতাংশ লোকে অপৰাধ নিয়ন্ত্রণ হোৱা বুলি নাভাবে৷ উল্লেখ্য যে অসম চৰকাৰৰ গৃহ বিভাগৰ তৎপৰতাত পূর্বৰ বছৰত প্রতি এক লাখ লোকৰ বিপৰীতে ৩৮৪টা অপৰাধ সংঘটিত হোৱাৰ বিপৰীতে এই বছৰ অপৰাধৰ হাৰ ২২.২লৈ হ্রাস পাইছে৷ আনহাতে, জমা হৈ থকা গোচৰৰ সংখ্যাও ২০১১ চনৰ মে’ মাহত ১,০৯,০৮১টা হোৱাৰ বিপৰীতে চলিত বর্ষৰ এপ্রিল পর্যন্ত ৮৩,৯৪৭টালৈ হ্রাস পাইছে৷ সংবাদ প্রতিষ্ঠান দুটাৰ আন এক সমীক্ষাত চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্রণত সফল বুলি সাধাৰণ ৰাইজে ভবা নাই৷ ৬৮.২ শতাংশ লোকে এই ধাৰণা নকৰাৰ বিপৰতে ৩১.৮ শতাংশ লোকে মূল্যবৃদ্ধি নিয়ন্ত্রণত এই চৰকাৰ সফল বুলি ভাবে৷ সমীক্ষাটোত অসমত বিজেপি সর্বাধিক জনপ্রিয় বুলি প্রকাশ পাইছে৷ সমীক্ষাটোৰ মতে ৫৩.২ শতাংশ লোকে বিজেপি অসমৰ আটাইতকৈ জনপ্রিয় দল৷ ইয়াৰ বিপৰীতে ২১.৮ শতাংশ লোকে কংগ্রেছক জনপ্রিয় দল ৰূপে, ৭.৮ শতাংশই এ আই ইউ ডি এফক আৰু ১৭.২ শতাংশই অন্য ৰাজনৈতিক দলক জনপ্রিয় বুলি মতামত আগবঢ়াইছে৷ ইফালে সমীক্ষাৰ বিপৰীতে এটা বর্ষত অসম চৰকাৰে আন্তঃগাঁথনিৰ ক্ষেত্রত ৪৫.৯ শতাংশ সর্বশ্রেষ্ঠ প্রদর্শন কৰা বুলি প্রকাশ পাইছে৷ ইয়াৰ বিপৰীতে স্বাস্থ্যক্ষেত্রত ১৫.৩ শতাংশ, শিক্ষাক্ষেত্রত ৫.২ শতাংশ আৰু অন্যান্য ক্ষেত্রত ৩৩.৬ শতাংশ সর্বশ্রেষ্ঠ প্রদর্শন কৰা বুলি প্রকাশ পাইছে৷