নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জংঘলব্লক হাইস্কুলত চিত্ৰালোচনী আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচন

নিয়মীয়া বাৰ্তা, ২৮ মে’: মৰিয়নি বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ জংঘল ব্লক হাইস্কুলত বিশ্ব ধঁ‌পাত বিৰোধী দিৱস উপলক্ষ্যে আজি এক চিত্ৰালোচনী আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । কণ কণ শিশু সকলক ধঁ‌পাতৰ কু প্ৰভাৱ সমূহে তেওঁ‌লোকৰ মন মগজুত কিদৰে প্ৰভাৱ পেলাব পাৰে তাক সচিত্ৰ ৰূপত ডাঙি ধৰি ‘নিবাৰণ’ নামৰ চিত্ৰালোচনীখনি প্ৰকাশ কৰি উলিওৱা হৈছে । এই উপলক্ষ্যে এক চমু অনুষ্ঠানৰো আয়োজন কৰা হয় ।বিদ্যালয়খনৰ সহ শিক্ষক নগেন গগৈয়ে অনুষ্ঠানটোৰ আঁত ধৰি কয় যে বিদ্যালয়খনে প্ৰতি বছৰে বিশ্ব ধঁপাত বিৰোধী দিৱসত হাতে লিখা আলোচনী আৰু চিত্ৰালোচনী উন্মোচন কৰি আহিছে । অৱশ্যে এইবাৰ আগন্তক গুণোৎসৱৰ বাবে ৩১ মে’ৰ পৰিৱৰ্তে আজি চিত্ৰালোচনী খন উন্মোচন কৰা হৈছে বুলি জানিবলৈ দিয়ে । বিদ্যালয়খনৰ শিক্ষক – শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী,পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে শুভাকাংক্ষী ৰাইজ উপস্থিত থকা এই অনুষ্ঠানত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা যুৱ ক্ৰীড়া সংগঠক সুদিপ শইকীয়াই ফিটা কাটি চিত্ৰালোচনীখন উন্মোচন কৰে । চিত্ৰালোচনীখন উন্মোচন কৰি তাত থকা চিত্ৰ সমূহে কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সজাগতা আনিব বুলি তেওঁ বক্তব্য ৰাখে ।

শিক্ষক নগেন গগৈৰ পৰিকল্পনাত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এই চিত্ৰালোচনীখন অংকণ কৰি উলিয়াইছে । আনহাতে শিক্ষয়িত্ৰী চিমি বৰগোহাঁই আৰু নৱনীতা বৰাই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞান মনষ্কতা গঢ়ি তোলাৰ লগতে আনন্দদায়ক গণিত শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত কৰি উলিওৱা বিজ্ঞানৰ প্ৰাচীৰ পত্ৰিকা “অনুসন্ধান” উন্মোচন কৰে বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি দূৰ্গেশ্বৰ দাসে । বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱাই বন্তি প্ৰজ্বলন কৰি কাৰ্য্যসূচী মুকলি কৰে । প্ৰাচীৰ পত্ৰিকা ‘অনুসন্ধান’ উন্মোচন কৰি পৰিচালনা সমিতিৰ সভাপতি দূৰ্গেশ্বৰ দাসে শিক্ষয়িত্ৰী নৱনীতা বৰা আৰু চিমি বৰগোহাঁইৰ এনে প্ৰচেষ্টাৰ শলাগ লয় । আনহাতে, এনে প্ৰাচীৰ পত্ৰিকাই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু মানসিক উৎকৰ্ষ সাধনত সহায় কৰিব বুলিও তেওঁ লগতে মন্তব্য কৰে ।

You might also like