নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত দেশৰ প্রথম হাইব্রিড বিদ্যুৎ প্রকল্পৰ উৎপাদন আৰম্ভ

নিয়মীয়া বাৰ্তা, ২৯ মে’: ৰাজস্থানত দেশৰ প্রথম হাইব্রিড বিদ্যুৎ প্রকল্পৰ উৎপাদন আৰম্ভ হৈছে৷ আদানি হাইব্রিড এনার্জী জয়ছালমেৰ ১ লিমিটেডৰ ৩৯০ মেগাৱাট ক্ষমতাসম্পন্ন বতাহ–সৌৰ হাইব্রিড বিদ্যুৎ প্রকল্পটো আজিৰ পৰা কার্যক্ষম হৈছে৷ আদানি গ্রীন এনার্জী লিমিটেডৰ অংশ আদানি হাইব্রিড এনার্জী জয়ছালমেৰ ১ লিমিটেডে নির্মাণ কৰা এই বিদ্যুৎ প্রকল্পটো হৈছে ভাৰতৰ প্রথম বতাহ আৰু সৌৰ হাইব্রিড বিদ্যুৎ প্রজন্ম প্রকল্প৷ এই প্রকল্পটোত সৌৰ আৰু বতাহ শক্তিৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰা হ’ব৷ দেশত বৃদ্ধি পোৱা বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ এই প্রকল্পটোৱে সহায় কৰিব৷ নতুন প্রকল্পটোৱে ভাৰতীয় সৌৰ বিদ্যুৎ নিগম (এছইচিআই)ৰ সৈতে বিদ্যুৎ ক্রয় এগ্রিমেণ্ট সম্পন্ন কৰিছে প্রতিকিলো ৱাটত ২.৬৯ টকাকৈ৷ এই নিৰিখ হৈছে ৰাষ্ট্রীয় পর্যায়ৰ এপিপিচি (গড় বিদ্যুৎ ক্রয় ব্যয়)ৰ তুলনাত কম৷ সম্প্রতি এই বিদ্যুৎ প্রকল্পটোত ৫.৮ জি ডব্লিউ উৎপন্ন হ’ব৷ উল্লেখ্য যে কয়লা ইন্ধনৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰাৰ বিপৰীতে বতাহ আৰু সৌৰশক্তিৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰাৰ এয়া হৈছে প্রথম পদক্ষেপ৷

You might also like