নিয়মীয়া বাৰ্তা, ২৯ মে’: পঞ্জাবৰ আপ চৰকাৰৰ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ নৌকৰোঁতেই ভগৱন্ত মানে ১৮৪ ৰাজনীতিকৰ নিৰাপত্তা প্রত্যাহাৰ কৰাৰ পিছত এইবাৰ ৰাজ্যখনৰ ৪২৪ বিশিষ্ট ব্যক্তিৰ নিৰাপত্তা প্রত্যাহাৰ কৰিলে৷ মুখ্যমন্ত্রী মানে শীর্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনৰ ৪২৪ বিশিষ্ট ব্যক্তিৰ নিৰাপত্তা প্রত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰে আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ নিৰাপত্তা প্রত্যাহাৰ কৰা ৪২৪গৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া, ধর্মীয় নেতা আৰু ৰাজনৈতিক নেতাও আছে৷
মন কৰিবলগীয়া যে যোৱা এপ্রিল মাহত ৰাজ্যখনৰ প্রাক্তন মন্ত্রী–বিধায়ক আৰু ৰাজনৈতিক নেতাৰ লগতে প্রাক্তন মুখ্যমন্ত্রী চৰণজিৎ সিং চান্নী, কেপ্ঢেইন অমৰিন্দৰ সিঙৰ পৰিয়ালৰ নিৰাপত্তা প্রত্যাহাৰ কৰা হৈছিল৷