লালুকত চুৰৰ উপদ্ৰৱ: মোবাইল দোকানত চিলিং কাটি লুটপাত
নিয়মীয়া বাৰ্তা, ২৯ মে’: লালুক আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত চোৰৰ উপদ্ৰৱ ক্ৰমাৎ বৃদ্ধি পাইছে।আজি যোৱা নিশাও লালুক থানাৰ প্ৰায় এশ মিটাৰ দুৰত্বত থকা এখন মোবাইল দোকানত চুৰে প্ৰবেশ কৰি চুৰি কাৰ্য সংঘটিত কৰে। লালুক বাছ আস্থানৰ নিচেই সমীপতে থকা চুলমান আলীৰ মোবাইল দোকানত যোৱা নিশা চুৰে দোকানৰ ওপৰৰ ফালৰ টিং পাত কাটি ভিতৰৰ চিলিং ভাঙি দোকান খনত সোমাই লুটপাত চলাই। মোবাইল দোকানৰ স্বতাধিকাৰী চুলমান আলীয়ে জনিবলৈ দিয়া মতে চুৰে দোকানখনৰ পৰা বিভিন্ন গ্ৰাহকে মেৰামতি কৰিবলৈ দিয়া বহুকেইটা মোবাইল ফোন, বিক্ৰী কৰিবলৈ ৰখা মোবাইলৰ বিভিন্ন পাৰ্টছৰ লগতে কেইবাটাও ডেমো মোবাইল লৈ যায়। ঘটনা সন্দৰ্ভত দোকানৰ গৰাকীয়ে লালুক আৰক্ষী থানাত এজাহৰ দাখিল কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰাম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে চোৰৰ কোনো সন্ধান উলিয়াব পৰা নাই। লালুক বাছ আস্থানত নিশাৰ ভাগত পহৰাৰত অৱস্থাত লালুক আৰক্ষী সততে দেখিবলৈ পোৱা যায় যদিওঁ তাৰ কাষতে চুৰে কিদৰে দোকানৰ টিং পাত কাটি চুৰি কাৰ্য সংঘটিত কৰিলে সেয়া আশ্বয্যজনক কথা। উল্লেখযোগ্য কথা এয়ে যে বিগত দিন সমূহত লালুক বাছ আস্থানৰ আশে পাশে প্ৰায়ে দোকান সমূহত চুৰি কাৰ্য সংঘটিত হৈ যদিওঁ আজি পৰ্যন্ত লালুক আৰক্ষীয়ে এজনো চোৰৰ সম্ভেদ উলিয়াব পৰা নাই।