স্কুটীৰে লাডাখ ভ্ৰমণ কৰি ৩২ দিনৰ অন্তত বিজনীত আহি উপস্থিত সন্দীপ সাহা
নিয়মীয়া বাৰ্তা, ৩০ মে’: ব্যতিক্ৰম চিন্তা চৰ্চাৰে কিবা এটা কৰাৰ হাবিয়াস সকলোৰে থাকে। এনে এটি সপোন বুকুত বান্ধি বিজনীৰ কাবিলিবাগানৰ যুৱক সন্দীপ সাহাই স্কুটীৰে যাত্ৰা আৰম্ভ কৰিছিল বৰফৰ দেশ লাডাখলৈ। সম্পূৰ্ণ ৩২ দিনৰ অন্তত লাডাখ ভ্ৰমণৰ কৰি বিজনীত আহি উপস্থিত হোৱা সন্দীপ সাহাই সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে লাডাখ ভ্ৰমণৰ অভিজ্ঞতা। লাডাখৰ মনোমোহা দৃশ্য প্ৰত্যক্ষ কৰি ভ্ৰমণ কৰি ভালপোৱা ব্যক্তিক জীৱনত এবাৰ হলেও লাডাখ ভ্ৰমণ কৰিবলৈ আহ্বান সন্দীপ সাহাৰ। সম্পূৰ্ণ নিজা খৰচেৰে স্কুটীৰে লাডাখ ভ্ৰমণ কৰি বিজনীত উপস্থিত হোৱাত বিহুৱানেৰে সম্বৰ্ধনা জনায় সন্দীপৰ বন্ধুবৰ্গই।