নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ বছৰীয়া তপস্যাৰ ফল নাপালে নাগমাই, ছোনিয়া গান্ধীয়ে পাহৰিলে প্ৰতিশ্ৰুতি

বিশেষ বাৰ্তা, ৩০ মেঃ কংগ্ৰেছে ৰাজ্যসভাৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে দলৰ ভিতৰচ’ৰাত অসন্তুষ্টি, বেজাৰ বাঢ়িছে। খুবেই দুখ লাগিছে অভিনেত্ৰীৰ পৰা ৰাজনীতিক হোৱা নাগমাই। সংসদৰ উচ্চ সদনৰ বাবে বাছনি নোপোৱাত অসন্তুষ্টি প্ৰকাশ কৰি মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নাগমাই কৈছে যে তেওঁৰ ১৮ বছৰীয়া তপস্যা উত্তৰ প্ৰদেশৰ ইমৰাণ প্ৰতাপগিৰিৰ সন্মুখত কম পৰিছে।

টুইটাৰত নাগমাই কয় যে যেতিয়া কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ নিৰ্দেশত দলত যোগদান কৰাৰ সময়তেই তেওঁ নাগমাক ৰাজ্যসভালৈ পঠিয়াব বুলি ব্যক্তিগতভাৱে প্ৰতিশ্ৰুতি দিছিল। তেতিয়া কংগ্ৰেছ ক্ষমতাত নাছিল। সেই কথাৰ ১৮ বছৰ হ’ল, কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা নহ’ল। ইমৰাণ প্ৰতাপগিৰিয়ে মহাৰাষ্ট্ৰৰ পৰা টিকট পোৱাত ক্ষুন্ন এসময়ৰ মোহময়ী অভিনেত্ৰী। এতিয়া নাগমাৰ এটাই প্ৰশ্ন- তেওঁ কম যোগ্য নেকি?

অহা ১০ জুনত ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ১০ গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাগমাই। ২০০৪ চনত কংগ্ৰেছত যোগদান কৰা নাগমাক এই তালিকাৰ পৰা বাদ দিয়া হৈছে। “হয়তো মোৰ তপস্যাত কিবা কম থাকিল”- কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেৰাই টুইট কৰাৰ ঠিক ছয় মিনিটৰ পিছতে এই টুইটটো কৰিছে নাগমাই।

You might also like